কোন বিৰোধী বিধায়কে ভোট দিলে বিজেপিক? মুখ্যমন্ত্ৰীয়ে ক’লে…

কোন বিৰোধী বিধায়কে ভোট দিলে বিজেপিক? মুখ্যমন্ত্ৰীয়ে ক’লে…

author-image
asomiyapratidin
New Update
বিজেপি-বিপিএফৰ মিত্ৰতা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

ডিজিটেল ডেস্ক: দুয়োগৰাকী নিৰ্বাচিত প্ৰাৰ্থীক শুভকামনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিক সহায় কৰাৰ বাবে অগপ আৰু বিপিএফক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

Advertisment

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে দুয়ো ৰাজ্যসভালৈ গৈ অসমৰ স্বাৰ্থৰ হৈ দৃঢ়তাৰে মাত মাতিব আৰু অসমৰ স্বাৰ্থ পদে পদে সুৰক্ষিত কৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে "এই নিৰ্বাচন গণতান্ত্ৰিক আছিল। আমি বিবেক ভোটৰ বাবে আহ্বান জনাইছিলো আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিৰোধী বহু বিধায়কে আমাক ভোট দান কৰিছে। প্ৰতিটো বিৰোধী দলকে ধন্যবাদ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।অৱশ্যে বিধায়ক সকলৰ নাম উল্লেখ নকৰিলে মুখ্যমন্ত্ৰী শৰ্মাই।

"মই ভাৱো এই নিৰ্বাচন যথেষ্ঠ টান হ'লহেতেন। আমি ২-৩ টা ভোটত জয়লাভ কৰাৰ আশা কৰিছিলো কিন্তু দুই দিন পূৰ্বে বিৰোধী শিবিৰত যি যুদ্ধ হল তাৰ পিছতেইই আমি নিশ্চিত হৈছিল বিপুল ভোটত জয়ী হ'ম বুলি"। ৰাজনৈতিক অপৰিপক্কতাৰ বাবে বিৰোধীৰ এনে হয় বুলি কয় মুখ্যমন্ত্ৰী গৰকীয়ে।

তদুপৰি বিৰোধীত মুখ্যমন্ত্ৰীৰ বহু শুভাকাংশী থকা বুলি উল্লেখ কৰি কয় যে সেই শুভকাংশী সকলে বহু সময়ত সহায় কৰি আহিছে।

আৰু পঢ়ক: ৰহস্য ফাদিল: পৰিকল্পিত ভাৱে হত্যা কৰা হৈছিল অধিবক্তা ৰিনিমাক…

আজিৰে পৰা টোলগেটত ভৰিব লাগিব অধিক মাচুল…

assam himanta biswa sarma congress bjp rajya sabha election