অসমত লিখাৰ বাবে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাইঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা...

এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত আজি মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

author-image
Tushar Pratim
New Update
অসমত লিখাৰ বাবে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাইঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা...

ডিজিটেল ডেস্কঃ অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত আজি মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দিলৱাৰ হুছেইন মজুমদাৰক সাংবাদিক বুলি কোনোৱে লিখি দিলে এক ছেকেণ্ডতে মুকলি কৰি দিব বুলি কোৱাৰ লগতে তেওঁ সাংবাদিক হয় নে নহয় তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে।

Advertisment

তাৰোপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমত লিখা, পঢ়াৰ বাবে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰি কয়, লিখা-পঢ়াত আপত্তি নাই। আমাৰ বিৰুদ্ধে যিমান লিখে, লিখক। অসমত লিখাৰ বাবে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই। 

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত তেওঁ সংবাদ মেল সম্বোধন কৰাৰ সময়তে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, মই জনাত সাংবাদিক সংঘই এতিয়ালৈকে এপেক্স বেংকত গৈ মেনেজাৰগৰাকীৰ সৈতে কথা পতাই নাই। সাংবাদিকগৰাকী তালৈ কিয় আহিছিল, কিবা বেলেগ কথাত আহাছিল নে ঘৰুৱা কথাত আহিছিল, ঋণ বিচাৰি আহিছিল নে আন কিবা বিচাৰি গৈছিল সেই কথা শুনিবলৈ সাংবাদিক সংঘৰ প্ৰতিনিধি বেংকলৈ যাব লাগিব। এতিয়ালৈকে কোনো যোৱা নাই। 

তেওঁ কয়, আপোনালোকে এপেক্স বেংকৰ মেনেজাৰ জনক প্ৰেছ ক্লাবলৈ মাতক।নহলে আপোনালোক যাওঁক এপেক্স বেংকলৈ। কথাখিনি পাতক, চাহ একাপ খাই গুছি আহক। দুই পক্ষ শুনাৰ পাছত সিদ্ধান্ত লব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, তেওঁক ব্যৱসায়ী বুলি কব নে সাংবাদিক বুলি কব সেই সিদ্ধান্ত কোনেও লব নোৱাৰে। কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে। তেওঁ ডাম্পাৰৰ ব্যৱসায়ী নে সাংবাদিক এই সিদ্ধান্ত কোনে ল? গতিকে আপোনালোকে যদি সাংবাদিক বুলি সিদ্ধান্ত লয় তেন্তে মই এৰি দিম।

সাংবাদিকসকলক দিলৱাৰ হুছেইন মজুমদাৰক এগৰাকী সাংবাদিক বুলি লিখি দিবলৈ কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, আপোনালোকে লিখি দিয়ক তেওঁ সাংবাদিক। কিন্তু আপোনালোকে লিখি দিয়াৰ আগত তিনিবাৰ চিন্তা কৰি চাওঁক। কালি যদি ডাম্পাৰৰ কেচত পৰে তেতিয়া কি কৰিব? আপোনালোকে মোক এখন লিখি দিয়ক, তেওঁৰ দায়িত্ব লওঁক, মই এৰি দিম।

ইফালে দিলৱাৰ হুছেইন মজুমদাৰে সাংবাদিকতা কৰা প্ৰতিষ্ঠানৰ সন্দৰ্ভত ড০ শৰ্মাই কয়, তেওঁ যিটো পৰ্টেলত আছে তাত আমি কাৰ্ডো নিদিও। পৰ্টেলক আমি সাংবাদিকতাৰ মাজলৈ এতিয়ালৈকে অনাই নাই। যদি আপোনালোকে তেওঁৰ সকলো ব্যৱসায়ীক কথা-বতৰাত দায়িত্ব লম বুলি লিখি দিয়ে মই এতিয়াই, এক ছেকেণ্ডত এৰি দিম।

মুখ্যমন্ত্ৰী শৰ্মাই দিলৱাৰ সাংবাদিক বুলি এতিয়ালৈকে তেওঁক কোনোৱেই জনোৱা নাই। তেওঁ কয়, তেওঁ সাংবাদিক বুলি এতিয়ালৈকে মোৰ ওচৰলৈকে এখনো চিঠি অহা নাই। কোনোবাই আমাক কওঁক তেওঁ সাংবাদিক বুলি। তেতিয়া আমি এখন লাইচেঞ্চ দি দিম, আপুনি ডাম্পাৰৰ ব্যৱসায় কৰিলেও, বেংকত গৈ জবৰদস্তি ঋণ খুজিলেও আপুনি সাংবাদিক বুলিয়েই আপোনাক ব্যৱহাৰ কৰিব।

তেওঁ আৰু কয়, দেশত মুখ্যমন্ত্ৰী, মন্ত্ৰী এজনে গৈ যদি কৰবাত ধমকি দিয়ে তেওঁকো  ৰেহাই নিদিয়ে। আইনে কত ৰেহাই দিব? লিখা পঢ়াত আপত্তি নাই, লিখা পঢ়াৰ বাবে কাকো এৰেষ্ট কৰা নাই। পুলিচৰ ৰিপৰ্ট আহিছে তেওঁ অনুসূচিত জাতিৰ বড়ো বুলি ব্যক্তি এজনক ঘৃণনীয় ব্যৱহাৰ কৰিছে।

দ্বিতীয় ৰিপৰ্টটোত আহিছে তেওঁ বেংকত গৈ এটা বৃহত পৰিমাণৰ ঋণ দাবী কৰিছে, তেওঁৰ ব্যৱসায়ৰ বাবে। ইয়াত লিখা পঢ়াৰ কথা জড়িত নাই। আজি বড়ো নামৰ ব্যক্তিজনে কৰ্টত ষ্টেটমেন দিছে। কালি জামিন দিছে।

আৰু দুই তিনিটামান গোচৰ আছে তেওঁৰ নামত। গোটেই কেইটা কেচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। তেওঁ জামিন লব। গোটেই কেইটা কেচেই সাংবাদিকতাৰ সৈতে জড়িত নহয়। সেই ভুল ভাবিবই নালাগে। মই আজিও কৈছে আমাৰ বিৰুদ্ধে যিমান লিখে লিখক। অসমত লিখাৰ কাৰণে কোনো সাংবাদিকক গ্ৰেপ্তাৰ কৰা নাই।

সাংবাদিক ড০ হিমন্ত বিশ্ব শৰ্মা