/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/HIMANTA-BISWA-SARMA.jpg)
ডিজিটেল ডেস্ক: ৩১ মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ মনোনয়ন দাখিল কৰে শাসক-বিৰোধী পক্ষই। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক বিশেষ আহ্বান জনাই।
তেওঁ কয় যে, "এআইইউডিএফৰ ভোট নালাগে। মই আশা কৰো সকলো কংগ্ৰেছ বিধায়কে আমাক ভোট দিয়ক। কাৰণ দেশত বৰ্তমান কংগ্ৰেছৰ যি অৱস্থাত পৰৱৰ্তী সময়ত বিধায়ক পদতো জয় হোৱাৰ সম্ভাৱণা নাই । এআইইউডিএফৰ বাহিৰে যিবোৰ আছে তেওঁলোকে আমাক ভোট দিয়াৰ বাবে আহ্বান জনাইছো"।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিক ভোট দিবলৈ বিৰোধীক ফোন কৰি, সকলোৰে ঘৰত গৈ গামোচা তামোল পান দিও আহ্বান জনাব। কোনো মানিব কোনো নামানিব সেইটো নিৰ্বাচনৰ দিনা গ'ম পোৱা যাব।ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কেৱল খিলঞ্জীয়াই নহয়, কংগ্ৰেছত থকা প্ৰতিগৰাকী বিধায়ককে ভোট দিয়াৰ আহ্বান জনাই।