/asomiyapratidin/media/media_files/2025/04/24/hJ3Ii04qmhMMMZxpSkxs.jpg)
ডিজিটেল ডেস্কঃ যোৱা মঙলবাৰে পেহেলগামত সংঘটিত হোৱা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী গোটৰ আক্ৰমণত নিহত ২৫ গৰাকী ভাৰতীয় আৰু এগৰাকী নেপালী লোকৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ আৰ্থিক ক্ষতিপূৰণ ঘোষণা অসম চৰকাৰৰ। আজি অসম লোকসেৱা আয়োগৰ ভৱনৰ পৰা সম্বোধন কৰা এক সংবাদ মেলত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তাৰোপৰি পেহেলগামত সংঘটিত ঘটনাৰ বাবে আৰু এই ঘটনাক বাস্তৱত ৰূপায়ণ কৰা পাকিস্তানৰ যি কাৰ্যকলাপ তাক গভীৰভাৱে নিন্দা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ত্ৰাসবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে পৰাজিত কৰিবলৈ যি সংকল্প ঘোষণা কৰিছে তালৈ সমৰ্থন জনাই, পাৰিস্তানৰ বিৰুদ্ধে ল’বলগীয়া সকলো ধৰণৰ ব্যৱস্থাৰ বাবে অসমৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।
আনহাতে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰৰ কথাও উল্লেখ কৰে। তেওঁ কয়, একাংশ লোকে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই অনাৰ চেষ্টা কৰি পাকিস্তানক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সমৰ্থন কৰা আমি দেখিবলৈ পাইছো। অসমতো বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমীয়া ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক একপ্ৰকাৰে সমৰ্থন কৰাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সংঘাটিত ভাৱে আঘাত পাইছো। আজি অসম আৰক্ষীয়ে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। মই আশা কৰো অসম আৰক্ষীয়ে তেওঁক আদালতৰ সন্মুখলৈ লৈ যাব আৰু আদালতে এই সন্দৰ্ভত যথাযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।
তাৰোপৰি ড০ শৰ্মাই অসমৰ বিভেদকামী শক্তিকো সতৰ্ক কৰি দিয়ে। সামাজিক মাধ্যমৰ পোষ্টেই হওক বা আন ধৰণেই হওক পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্রচেষ্টা অসমৰ পৰা কৰিবলৈ দিয়া নহ’ব। পৰোক্ষভাৱে হওক বা প্রত্যক্ষভাৱে সমৰ্থন কৰিলে ব্যৱস্থা ল’ব আৰক্ষীয়ে।
ড০ শৰ্মাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয়, প্ৰধানমন্ত্রী নৰেন্দ্র মোডীক কিছুদিন পূৰ্বে সাক্ষাৎ কৰিছিলো। সুধাকণ্ঠৰ বছৰজোৰা জন্মশতবৰ্ষ অনুষ্ঠানৰ বাবে আমন্ত্রণ জনাইছিলো। তেওঁ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে কিদৰে বছৰযোৰা কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰি সেই সন্দৰ্ভত তেখেতৰ পৰামৰ্শও আগবঢ়াইছে।
ড০ শৰ্মাই কয়, অহা ৮ ছেপ্টেম্বৰৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া নিজেই উপস্থিত থকাৰ প্রতিশ্রুতি দিছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ উদযাপন কমিটীত যোগদান কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰো মুখ্যমন্ত্রীসকলক আহ্বান জনাইছে ড০ শৰ্মাই।
তেওঁ কয়, ড০ ভূপেন হাজৰিকাৰ নামত এটা মুদ্রা নিৰ্মাণ কৰিবলৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অনুৰোধ জনোৱাৰ কথাও কয়। এই সন্দৰ্ভত তেওঁ ইতিমধ্যে বিত্তমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
নতুন দিল্লী ভ্রমণৰ এই সময়ছোৱাতে তেওঁ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰাৰ কথাও উল্লেখ কৰিছে। এই দুই প্ৰকল্পৰ এটাল হৈছে ৭,৫০০কোটি টকা ব্যয় সাপক্ষে গুৱাহাটী ৰিং ৰোড প্রকল্প। এই ৰিং ৰোড প্ৰকল্পৰ অংশ হিচাপে নাৰেংগী আৰু কুৰুৱাৰ মাজত এখন দলং নিৰ্মাণ হ’ব।
এই প্রকল্পৰ বাবে ভূমি অধিগ্রহণৰ সম্পূৰ্ণ খৰচৰ ৫০ শতাংশ ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্রকল্পটোত ৰাজ্য চৰকাৰৰ ব্যয় ১০০০ কোটিতকৈ অধিক হ’ব। কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৩০০০কোটি টকা। তাৰোপৰি তেওঁ এই প্ৰকল্প ৭ হাজাৰ কোটিতকৈ অধিক মূল্যৰ হ’ব বুলিও জানিবলৈ দিয়ে।
আনহাতে নুমলীগড়ৰ শোধনাগাৰৰ বায়’ শোধনাগাৰো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২০১৯ ত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই প্ৰকল্পৰ জৰিয়তে বাঁহৰ ব্যৱহাৰেৰে ইয়াত ইথানল প্রস্তুত কৰা হ’ব। ভাৰতৰ ভিতৰতে এইটো প্রথম এনে প্রকল্প হ’ব।
৪২০০ কোটি ব্যয়ৰে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে এই প্ৰকল্প। অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠিত উপস্থিত থকাৰ উপৰিও নাৰেংগী-কুৰুৱা ৰিং ৰোড, বায়’ ৰিফাইনেৰী শুভ উদ্বোধন কৰিব।
ড০ শৰ্মাই এই সংবাদ মেলতে নামৰূপ সাৰ কাৰখানাৰ নতুন প্রকল্পৰ সন্দৰ্ভতো মন্তব্য কৰিছে। তেওঁ কয়, ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰে এই প্ৰকল্পৰ কাম কৰি আছে। ইয়াত মুঠ ব্যয় হ’ব ১০,৬০০কোটি টকা। ইয়াৰে ৪০ শতাংশ অংশীদাৰিত্ব আগবঢ়াব অসম চৰকাৰে। BVFCLৰ অংশ থাকিব ১১ শতাংশ। সেইদৰে হিন্দুস্তান উৰ্বাৰক আৰু ৰসায়ন লিমিটেডৰ ১৩ শতাংশ, নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড, অইলৰ অংশীদাৰিত্ব থাকিব ১৮ শতাংশকৈ।
এই নতুন প্ৰকল্পটোৰ নতুন নাম হ’ব আছাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড। অৱশ্যে পূৰ্বৰ BVFCL ও সমান্তৰালভাৱে চলি থাকিব। কেন্দ্ৰই এই প্ৰকল্প বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ নামৰূপত এতিয়া দুটা সাৰ প্ৰকল্প থাকিব।
নতুন প্ৰকল্পটোৱে ১২.৬লাখ মেট্রিক টন সাৰ উৎপাদন কৰিব। অহা ছেপ্টেম্বৰত নতুন প্রকল্পটোৰ নিবিদা কাৰ্য আৰম্ভ কৰা হ’ব। সময়ে সময়ে BVFCLক কেন্দ্রই পুঁজি আগবঢ়াই গৈ থাকিব। ৫ৰ পৰা ৬ বছৰ পিছত সিদ্ধান্ত লোৱা হ’ব এই প্রকল্প দুটা একত্ৰিত কৰা হ’ব নে পৃথক পৃথক হৈয়ে থাকিব।
এডভাণ্টেজ আছাম সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, এডভাণ্টেজ আছামৰ সময়ত আদানি গ্রুপৰ সৈতে ৫০হাজাৰ কোটিৰ চুক্তি হৈছিল। অহা অক্টোবৰত নতুন বিমান বন্দৰ আৰু এৰো চিটীৰ কাম আৰম্ভ কৰিব আদানি গ্ৰুপে। ইয়াত ব্যয় হ’ব ১০হাজাৰ কোটি টকা।
বাকী ৪০ হাজাৰ কোটি টকাৰেও অসমত ব্যয় কৰিব বিচাৰিছে আদানি গ্রুপে। গুৱাহাটী-শিলচৰৰ মাজত ২৫ হাজাৰ কোটিৰ গ্রীন ফিল্ড হাইৱে’ হ’ব। এই প্রকল্পৰো অনুমোদনৰ কাম আগবাঢ়িছে। তেওঁ কয়, নুমলীগড়-গহপুৰ সুৰংগ পথৰ অনুমোদনৰ কামো আগবাঢ়িছে। ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি ডিচেম্বৰৰ পূৰ্বে ১ লাখ কোটি টকাৰ প্রকল্পৰ কাম অসমত আৰম্ভ হ’ব।