/asomiyapratidin/media/media_files/2025/05/10/rwRP5v3oZ8PU2HOgzQLv.jpg)
ডিজিটেল ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে চাৰি বছৰ সম্পূৰ্ণ কৰিলে। বৰ্তমানৰ যুদ্ধ সদৃশ পৰিস্থিতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিবৰ্তে এক সংবাদ মেল সম্বোধনতেই সীমাবদ্ধ কৰি ৰাখে।
সংবাদ মেলৰ আৰম্ভণিতে ড০ শৰ্মাই যুদ্ধ পৰিস্থিতিৰ কথা উল্লেখ কৰি কয় যে, আজি যি সময়ত সেনা বাহিনীৰ জোৱানসকলে যুদ্ধ ক্ষেত্ৰত ভাৰত মাত্ৰীৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন পণ দিছে সেই সময়ত মই বহুত বেছি আমাৰ সাফল্যৰ কথা কব বিচৰা নাই। পৰিবেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ তিনিটা ক্ষুদ্ৰ বিষয়ৰ বিষয়ে কব বিচাৰিছো– ৰাজ্যৰ জীৱনলৈ ঘূৰি অহা অপাৰ শান্তি, জাতি, জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ৰ মাজত গঢ়ি উঠা সমন্বয় আৰু বিকাশৰ দূৰন্ত গতি।
সংবাদ মেলত ড০ শৰ্মাই কেন্দ্ৰীয় চৰকাৰ পৰা লাভ কৰা আৰ্থিক সাহায্য, অসম চৰকাৰৰ আঁচনি, উন্নয়ন, সফলতা আৰু পৰিকল্পনাসমূহৰ বিষয়েও এই সংবাদ মেলতে উল্লেখ কৰে। তেওঁ কয়, ৰাজ্যৰ জীৱনলৈ ঘূৰি অহা অপাৰ শান্তি, জাতি-জনগোষ্ঠী, ধৰ্ম-সম্প্ৰদায়ৰ মাজত গঢ়ি উঠা সমন্বয় এই তিনিওটা দিশেৰে অসমক ভাৰতৰ এখন অগ্ৰগামী ৰাজ্যলৈ লৈ যাবলৈ সক্ষম হৈছো।
বৰ্তমানৰ চৰকাৰখনৰ বিৰুদ্ধে কোনেও প্ৰশ্ন তুলিব পৰা নাই বুলিও উল্লেখ কৰি তেওঁ কয়, এইখনেই একমাত্ৰ চৰকাৰ যিখন চৰকাৰৰ বিৰুদ্ধে বিষয়া পৰ্যায়তে হওক, কাৰ্যপ্ৰণালিয়েই হওঁক ক’তোৱেই প্ৰশ্নবোধক আনিব পৰা কাম যোৱা চাৰিটা বছৰত চৰকাৰৰ পৰা মন্ত্ৰী বিষয়ালৈকে আমি এটা স্বচ্ছ প্ৰশসনৰ মাজেৰ সময় পাৰ কৰিছো। আমি অনাগত এটা বছৰ আৰু তাৰ পাছতো বহু বছৰলৈ আপোনালোকক সেৱা কৰিব খোজো সেয়ে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো।
সংবাদ মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈকো কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শৰ্মাই কয়, আজিৰ দিনটোত মই অত্যন্ত কৃতজ্ঞতাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শুভেচ্ছা আৰু অসমবাসীৰ হৈ কৃতজ্ঞতা জনালো। অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি পৰা চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ, ঝুমুৰ, বিহুক আপোন কৰি, অসমৰ গামোচাখনক নিজৰ ব্যক্তিত্বৰ লগত সমাহিত কৰি, কাজিৰঙাত আহি নিশা কটাই আমাৰ সম্পদসমূহক আন্তঃৰাষ্ট্ৰীয় সম্পদলৈ ৰূপান্তৰ কৰিলে।
তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ উদাৰ আৰ্থিক সহায়ৰ বাবেই ৰিং ৰোড প্ৰকল্পৰ লগতে নামৰূপৰ ফাৰ্টিলাইজাৰ প্ৰকল্প, কাছাৰলৈকে ডেডিকেটেড হাইৱে আদিৰ অনুমোদন লাভ কৰাৰ কথাও উল্লেখ কৰিছে। তেওঁ কয়, মই আশা কৰিছো যুদ্ধই যদি খেলিমেলি নকৰে এই বছৰৰ ভিতৰতে কাজিৰঙাত এলিভেটেড কৰিডৰ, নুমলীগড়ৰ টানেল, মৰিগাওঁ নগাঁৱৰ মাজত নতুন ব্ৰীজকে ধৰি ক’ব গ’লে প্ৰায় ১ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প আছিল। এই গোটেইখিনি অনুমোদন এই বছৰতে লাভ কৰাৰ বাবে আমি আগুৱাই যাম।
তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ চাৰি বছৰীয়া সফলতাৰ কথা উল্লেখ কৰিবলৈ গৈ কয় যে, ৰাজ্যৰ জিডিপিয়ে ৭.৫ লাখ কোটি টকা স্পৰ্শ কৰিছে। কম দিনৰ ভিতৰতে ৰাজ্যৰ জিডিপিয়ে মিলিয়নৰ ঘৰ স্পৰ্শ কৰিব।
তেওঁ কয় আমাৰ প্রতিটো পল, প্রতিটো ক্ষণ, প্রতিটো মুহূৰ্ত ৰাইজৰ নামত উৎসতৰ্গিত। তেওঁ জাগীৰোডৰ পিছতে অসমে আন দুটা বৃহৎ প্রকল্প লাভ কৰিব বুলি কৈ ৰূপসী আৰু চাপৰত শক্তি প্রকল্পৰ নামত ৫০হাজাৰ কোটিৰ প্রকল্প, পাহাৰৰ পৰা নামি অহা পানী সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্রকল্পৰ কথা উল্লেখ কৰে।
ইফালে এক্সত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেইবাটাও পোষ্টৰ জৰিয়তে অসম চৰকাৰৰ যোৱা ৪ টা বছৰৰ সফলতাসমূহৰ কথা উল্লেখ কৰিছে।
অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত
ইফালে অসম চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তিৰ বিশেষ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এথন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহো এই সংবাদে মেলতেই ঘোষণা কৰে ড০ শৰ্মাই।
তেওঁ জনোৱা অনুসৰি ডিব্ৰুগড় বিমান বন্দৰক সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সুধাকণ্ঠৰ নামত উৎসৰৰ্গিত কৰা হ’ব এই বিমান বন্দৰতো।
অহা মাহত অসম বিধানসভাৰ এদিনীয়া অধিবেশন অনুষ্ঠিত হ’ব। সেই অধিবেশনতে আজিৰ এই প্রস্তাৱ বিধানসভাৰ প্রস্তাৱলৈ ৰূপান্তৰিত কৰা হ’ব।
‘এটি কলি দুটি পাত’ নামেৰে এখন নতুন আঁচনি আনিব অসম চৰকাৰে। এই আঁচনিৰ অধীনত চাহ বাগিচাৰ প্রতি গৰাকী কৰ্মচাৰীক ৫ হাজাৰকৈ টকা দিয়া হ’ব। অসমৰ চাহ উদ্যোগে ২০০ বছৰ অতিক্রম কৰা উপলক্ষে প্রদান কৰা হ’ব এই ধন।
আপোন ঘৰ, আপোন বাহন আঁচনি NHM, SSA, সমগ্র শিক্ষা অভিযান ASTEC, শক্তি বিভাগৰ তিনিওটা প্রতিষ্ঠানৰ কৰ্মচাৰীয়ে পাব এই আঁচনিৰ সুবিধা। মাষ্টাৰৰোল আৰু কেজুৱেল কৰ্মচাৰীক ৫০ শতাংশ হাউছ ৰেণ্ট দিয়াৰো সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটত।
আজিৰ কেবিনেটে ‘মুখ্যমন্ত্রী জীৱন প্রেৰণ আঁচনি’ এখনো ঘোষণা কিৰছে। অহা ১ জুনৰ পৰা এই আঁচনিৰ বাবে আবেদন প্রক্রিয়া আৰম্ভ হ’ব।
কেবিনেটে ২০২৪-২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ এবছৰৰ বাবে ২৫০০ টকাকৈ মাহিলী দিয়াৰো সিদ্ধান্ত লৈছে। অৱশ্যে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নাপাব এই আঁচনিৰ সুবিধা।
বিশ্ববিদ্যালয়ত গৱেষণাৰ শিক্ষাৰ্থীসকলকো এই আঁচনিৰ সুবিধা দিয়া হ’ব। গৱেষণাৰত শিক্ষাৰ্থীসকলক ২০ হাজাৰকৈ টকা প্রদান কৰা হ’ব। বিশেষভাৱে সক্ষম গৱেষণাৰ শিক্ষাৰ্থীসকলক ৪০হাজাৰ টকাকৈ দিয়া হ’ব।