মই জীয়াই থকালৈকে অসমত ৫-৬ বছৰীয়া ছোৱালীৰ বিয়া হ'বলৈ নিদিওঃ হিমন্ত বিশ্ব

মই জীয়াই থকালৈকে অসমত ৫-৬ বছৰীয়া ছোৱালীৰ বিয়া হ'বলৈ নিদিওঃ হিমন্ত বিশ্ব

ডিজিটেল ডেস্কঃ সোমবাৰে অসম বিধানসভা অধিবেশনৰ অন্তিম। ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়িনী দলে ৩ লাইন হুইপ জাৰি কৰি বিজেপিৰ সকলো বিধায়কক সদনত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

আজি সদনত চৰকাৰে ১৫ খন মান বিধেয়ত উত্থাপন কৰাৰ সম্ভাৱণা আছে। প্ৰশ্নোত্তৰ কালত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন-১৯৩৫ বাতিল' সন্দৰ্ভত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বাল্য বিবাহ বন্ধ হ'বই।

শৰ্মাই কয় যে এতিয়ালৈকে এই বিষয়টো সদনত উত্থাপন হোৱা নাই। কিন্তু কেবিনেটে সিদ্ধান্ত লৈছে যে অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন-১৯৩৫' আইন বাতিল হ'ব।

তেওঁ কয় যে, এই আইনৰ অধীনত ৬ বছৰীয়া শিশুকো বিয়া দিয়াৰ ব্যৱস্থা আছে। ৫-৬ বছৰীয়া ছোৱালীৰ মই বিয়া হ'ব নিদিও। মুছলমান সমাজৰ ছোৱালীক লৈ ব্যৱসায় কৰিব দিয়া নহ'ব। মই জীৱাই থকালৈ অসমত বাল্য বিবাহ হ'বলৈ নিদিও বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন-১৯৩৫ বাতিল সন্দৰ্ভত সিদ্ধান্ত লৈছিল। অৱশ্যে এই বিধেয়কখন এতিয়ালৈকে বিধানসভাত উত্থাপন হোৱা নাই।

মই জীয়াই থকালৈকে অসমত ৫-৬ বছৰীয়া ছোৱালীৰ বিয়া হ'বলৈ নিদিওঃ হিমন্ত বিশ্ব
গুপ্তকাশী বিশ্বনাথ ঘাটত প্ৰথমবাৰৰ বাবে একাদশ হৱন কুণ্ড ৰুদ্ৰ মহাযজ্ঞ আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in