শৰাইঘাটৰ ৰণত আছিল নৰ হাজৰিকা, বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰহে: মুখ্যমন্ত্ৰী

গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৮সংখ্যক ৰাজ্যিক অধিৱেশনত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি, শৰাইঘাটৰ ৰণ আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰে।
himanta biswa sarma
himanta biswa sarma

ডিজিটেল ডেস্ক: শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ কোনো নাছিল- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৮সংখ্যক ৰাজ্যিক অধিৱেশনত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি, শৰাইঘাটৰ ৰণ আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰে।

তেওঁ কয় যে, আমাৰ জাতীয় জীৱনৰ আন এক সমস্যা হৈছে যে ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত কেইবাটাও অসত্য। লাহে লাহে আমাৰ মনত নতুন চিন্তাৰ উদয় হৈছে। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰাৰ সময়ত বহু ধাৰণা আমাৰ সন্মুখনৰ পৰা আঁতৰি গৈছে। আমি ভাৰত বৰ্ষত সকলো জাতি ধৰ্মৰ লোকৰ মিলনৰ ভূমি হিচাপে গঢ়ি তুলিব বিচাৰো।আমি বিচাৰো ভাৰতৰ মুছলমান সমাজতেই ভাৰতৰ প্ৰগতি আৰু বিকাশৰ ধাৰাত সমৰ্থন জনাওক।

ইতিহাসৰ বিকৃতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইতিহাসৰ বিকৃতিয়ে আমাৰ মনত কিছু ধাৰণাৰ জন্ম দিয়ে। যি ধাৰণা আমাৰ জাতীয় জীৱনৰ বাবে উপযোগী নহয়। লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন কৰাৰ সময়ত একাংশই প্ৰশ্ন কৰিছিল যে লাচিত বৰফুকন হিন্দু বীৰ নাছিল, ভাৰতীয় বীৰ নাছিল। এই প্ৰশ্নৰ উত্তৰ আমি এষাৰে দিব পাৰো যে লাচিত বৰফুকনে মা কামাখ্যাৰ আশীষ লৈ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰেৰণা দিছিল।

শৰাইঘাটৰ ৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে একাংশই কৈছিল যে লাচিতৰ লগত বাঘ হাজৰিকাই যুঁজ দিছিল। কিন্তু বাঘ হাজৰিকা কৰ ইতিহাসৰ পৰা আহিল। কোনোৱে আজিলৈ অসমত প্ৰশ্ন কৰা নাছিল। বেণুধৰ শৰ্মাৰ বুৰঞ্জী পঢ়িলো, সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীৰ পাত বিচাৰিলো। বাঘ হাজৰিকাৰ কথা উল্লেখ নাছিল।

মানুহে এনেকৈয়ো কৈছিল যে শৰাইঘাটৰ যুদ্ধত এফালে ৰাম সিংহ আৰু আনফালে লাচিত বৰফুকন, বাঘ হাজৰিকা আছিল। এই পৰ্যায়লৈকে কথাবোৰ লৈ যোৱা হৈছিল। আমাৰ ইতিহাসৰ কোনো অধ্যাপক-অধ্যাপিকাই ইয়াক লৈ প্ৰশ্ন কৰা নাছিল। কিন্তু এইবাৰ দিল্লীত প্ৰথম বাৰৰ বাবে সংগীতা গগৈ আৰু আন একাংশই ক'লে যে বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ নাছিল।

কিন্তু যেতিয়া লাচিত বৰফুকন নৰিয়াত আছিল তেতিয়া সেনা সকলক প্ৰেৰণা দিছিল নৰ হাজৰিকাই। বাঘ হাজৰিকাই নহয়। ইতিহাসে কয় সেই সময়ত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ১০০০ টকা দি নৰ হাজৰিকাক পুৰস্কৃত কৰিছিল। অসমীয়া জাতিয়ে আজিলৈকে নৰ সিংহক সন্মান জনোৱা নাই। তাৰ পৰিৱৰ্তে এটা কাল্পনিক চৰিত্ৰক আগত ৰাখি বীৰ সকলক অপমানিত কৰিছো বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: ১৫ জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in