/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/web-pt-for-ap.jpg)
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কামত সন্তুষ্ট প্ৰায় ৪৪.৭৭ শতাংশ ভাৰতীয় ।এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। তথ্য অনুসৰি ৩৭.৬৬ শতাংশ ভাৰতীয় বিজেপি নেতৃত্বাধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কামত যথেষ্ট সন্তুষ্ট আনহাতে ২৯.৯৪ শতাংশ লোক একেবাৰে সন্তুষ্ট নহয়।
আইএএনএছ-(IANS-Cvotersurvey)সমীক্ষা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে স্থান লাভ কৰিছে ,তাৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনয়ে স্থান লাভ কৰা দেখা যায়।
অসমৰ ক্ষেত্ৰত, ৪৩ শতাংশতকৈও অধিক লোক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদৰ্শনত যথেষ্ট সন্তুষ্ট, আনহাতে কেৰালা আৰু তামিলনাডুৰ ক্ষেত্ৰত, ৪১ শতাংশতকৈও অধিক লোকে এই মন্তব্য কৰিছে। আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে "অতি সন্তুষ্ট" শ্ৰেণীত ৩৯ শতাংশ নম্বৰ লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/958d7a90-b122-4db6-bd60-3eb3d818add0-754x1024.jpg)
উল্লেখ্য যে, সমগ্ৰ ভাৰতত ৪৫.৯২ শতাংশ ছোনিয়া গান্ধীয়ে কৰা কামত একেবাৰে সন্তুষ্ট নহয়। ৪৪.৪৪ শতাংশ ভাৰতীয়ই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কামত অসন্তুষ্টি প্ৰকাশ কৰে।
উল্লেখ্য যে, যোৱা ১২ মাহ ধৰি দৈনিক ভিত্তিত এই জৰীপ অনুষ্ঠিত কৰা হৈছিল।
আৰু পঢ়ক: বটদ্ৰবা থানা আক্ৰমনত ড্ৰাগছ মাফিয়া, কুখ্যাত ডকাইত : ব্যৱহাৰ হৈছিল নেকি পেট্ৰ'ল বোমা ?