কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি, উন্নয়মূলক কামৰ উদ্বোধনীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী !

কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি, উন্নয়মূলক কামৰ উদ্বোধনীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী !

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত ৬ মাহো সময় বাকী নাই। এনে সময়ত দেশত জানুৱাৰীৰ পৰা ৰাজনীতি চলি থাকিব। সেয়ে ডিচেম্বৰৰ মাহত কেৱল উন্নয়নৰ কথাহে পাতিব বিচাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত তেওঁ সাংবাদিকৰে হোৱা সাক্ষাতত ডিচেম্বৰৰ মাহত কেৱল উন্নয়নৰ কথাহে পাতিব বিচাৰো বুলি মন্তব্য কৰিছে।

উল্লেখ্য দিল্লী ভ্ৰমণৰ সময়ত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুক ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ৫০ সংখ্যক কার্বি যুৱ মহোৎসৱলৈ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক ৰাজ্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা শিলান্যাসৰ বাবে ফেব্ৰুৱাৰীত অসম ভ্ৰমণৰ বাবে মুখ্যমন্ত্রীয়ে অনুৰোধ জনাইছে।

এই সন্দৰ্ভত তেওঁ সাংবাদিকৰ আগত কয়, দেশৰ শীর্ষ দুই নেতৃত্বৰ অসম ভ্রমণে অসমৰ বিকাশৰ যাত্রাক আৰু এখোজ আগুৱাই নিব। আনহাতে নিয়াৰ মুৰব্বী দিনকৰ গুপ্তাৰ সৈতেও তেওঁ আলোচনাত মিলিত হয়। শুকুৰবাৰ এই আলোচনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ৰহিংগীয়া অনুপ্রৱেশকাৰীক লৈ অসম চৰকাৰে নিয়াৰ ওচৰত এক গোচৰ তৰিছিল। ত্ৰিপুৰা, অসম হৈ ৰহিংগীয়াৰ অনুপ্ৰৱেশৰ বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত হৈ আছে।

উল্লেখ্যে নিয়াৰ উক্ত গোচৰৰ ভিত্তিতে অসম আৰক্ষীৰ সৈতে যৌথভাৱে নিয়াই দেশৰ ৪৪ টা স্থানত অভিযান চলাই বহুতক গ্রেপ্তাৰ কৰিছিল। সেই সন্দৰ্ভত গুপ্তাৰ সৈতে আলোচনা কৰে বুলি মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিছে। আনহাতে আই বিৰ মুৰব্বী তপন ডেকাৰ সৈতেও মুখ্যমন্ত্ৰী ড০ শৰ্মাই সৌজন্যমূলক সাক্ষাতত মিলিত হয়।

দিল্লীত তেওঁ সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত বহু বিবাহ সংক্ৰান্তীয় বিল উত্থাপন কৰাৰ কথাও ঘোষণা কৰে। উল্লেখ্য যোৱা ৫ টাকৈ দিন দিল্লীত অতিবাহিত কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভ্ৰমণৰ সময়ছোৱাতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ,কেন্দ্রীয় চোৰাংচোৱা সংস্থা আই বিৰ মুৰব্বী তপন ডেকা, 'নিয়া'ৰ মুৰব্বী দিনকৰ গুপ্তা, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰিছিল।

কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি, উন্নয়মূলক কামৰ উদ্বোধনীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী !
আলফাৰে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতঃ মুখ্যমন্ত্ৰীয়ে ক'লে- 'পৰেশ বৰুৱাৰ সৈতে কথা পাতিয়েই থাকো'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in