নগা সমস্যা সমাধানকলৈ ক’ৰ কমিটিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নগা সমস্যা সমাধানকলৈ ক’ৰ কমিটিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

author-image
asomiyapratidin
New Update
নগা সমস্যা সমাধানকলৈ ক’ৰ কমিটিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল সংবাদ, ৱাখা: নগা ৰাজনৈতিক সমস্যাৰ সমাধানত এন এছ চি এন (আই এম ) আৰু ভাৰত চৰকাৰৰ মাজত বৰ্তমান সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়টোক আলোচনা কৰিবলৈ শুকুৰবাৰে নাগালেণ্ড চৰকাৰৰ কৰ কমিটিৰ আহবান ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা নাগালেণ্ডৰ ডিমাপুৰৰ ছুমুকেডিমাত উপস্থিত হয় ।

Advertisment

ছুমুকেডিমাৰ নিয়াথু ৰিজ'ৰ্টত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ কমিটিৰ এঘণ্টাজোৰা ৰুদ্ধদাৰ পৰামৰ্শমূলক বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাক যোৱা ২৮ মেত এন এছ চি এন আই এমৰ সৈতে হোৱা ক'ৰ কমিটিৰ মাজত অনুষ্ঠিত বৈঠকৰ সন্দৰ্ভত অৱগত কৰোৱা হয় । ক'ৰ কমিটিয়ে নগা ৰাজনৈতিক সমস্যাৰ শীঘ্ৰে সমাধানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন আৰু এন এছ চি এন আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত স্থবিৰ হৈ পৰা আলোচনা সঠিক পথত আগবঢ়াই লৈ যাবলৈ সক্ৰিয় ভূমিকা বিচাৰে ।

ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত নগা সমস্যাৰ সন্দৰ্ভত কৰ কমিটিৰ হোৱা আলোচনাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । অৱশ্যে বৈঠকৰ পূৰ্বে তেওঁ কয় — জটিল নগা ৰাজনৈতিক সমস্যা সমাধানত তেওঁৰ ভূমিকা সীমিত । নেডাৰ আহবায়ক হিচাপে কেন্দ্ৰীয় চৰকাৰক কৰ কমিটিৰ পৰামৰ্শ বিষয়ে অৱগত কৰাব । তেওঁ কয়– জটিল নগা ৰাজনৈতিক বিষয়টো এন এছ চি এন আৰু ভাৰত চৰকাৰৰ ওপৰত এৰি দিয়া উচিত । আন সকলে মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে ।

উল্লেখযোগ্য যে কালিৰ নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ক'ৰ কমিটিৰ বৈঠকৰ মুখ্য উদ্দেশ্য আছিল বৰ্তমান সুকীয়া পতাকা আৰু সংবিধানৰ দৰে বিৰ্তকিত বিষয়ক লৈ এন এছ চি এন আৰু ভাৰত চৰকাৰৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰা । বৈঠকত নাগালেণ্ডৰ বিধায়ক আৰু দুগৰাকী সাংসদো উপস্থিত আছিল ।

আৰু পঢ়ক: যুৱ কংগ্ৰেছ আৰু আছুৰ নেতাৰ অগপত যোগদান

assam northeast nagaland nscnim neda