মমতা দিদি অসমক ৰঙা চকু নেদেখুৱাবঃ হিমন্ত বিশ্ব শৰ্মা

মমতা দিদি অসমক ৰঙা চকু নেদেখুৱাবঃ হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
মমতা দিদি অসমক ৰঙা চকু নেদেখুৱাবঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ  "যদিহে পশ্চিবংগত জুই লগাবলৈ চেষ্টা কৰে তেন্তে অসম, উত্তৰ-পূব, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু দিল্লীও জ্বলিব।আৰু আপোনাৰো চকীখন থৰক-বৰক হৈ পৰিব"- পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই মন্তব্যই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Advertisment

মমতাৰ এই মন্তব্যৰ পাছতে ‘X’যোগে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "দিদি, অসমক ভাবুকি দিবলৈ আপোনাৰ ইমান সাহস কেনেকৈ হ’ল ? আমাক ৰঙাচকু নেদেখুৱাব ৷ আপোনাৰ বিফলতাৰ ৰাজনীতিৰে ভাৰতক অগ্নিগৰ্ভা কৰিবলৈ চেষ্টা নকৰিব।বিভাজনকামী মন্তব্য কৰাটো আপোনাক শোভা নাপায়।" লগতে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকায়ো মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি এই কাণ্ডক গৰিহণা দিয়ে।

দৰাচলতে পশ্চিমবংগত চিকিৎসকৰ সৈতে হোৱা জঘন্য কাণ্ড সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিৰ জৰিয়তে ৰাজ্যখনত জুই জ্বলাবলৈ চেষ্টা কৰিছে। লগতে তেওঁ তীব্ৰ সতৰ্কবাণী জাৰি কৰি কৰে। মমতাৰ এই মন্তব্যৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বেনাৰ্জীৰ এই মন্তব্যক উভতি ধৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

mamata banerjee himanta biswa sarma