বঢ়মপুৰত ৰাস মহোৎসৱ: সাংবাদিক নিতুমণি শইকীয়ালৈ অসম গৌৰৱ বঁটা...

নব্য চিন্তা আৰু ন- কৌশলেৰে জাগৰণ সচেতন নাগৰিক মঞ্চৰ " সমন্বয় ৰাস " বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব।
বঢ়মপুৰত ৰাস মহোৎসৱ: সাংবাদিক নিতুমণি শইকীয়ালৈ অসম গৌৰৱ বঁটা...

ডিজিটেল সংবাদ, বঢ়মপুৰ : নব্য চিন্তা আৰু ন- কৌশলেৰে জাগৰণ সচেতন নাগৰিক মঞ্চৰ " সমন্বয় ৰাস " বঢ়মপুৰত অনুষ্ঠিত হ'ব। বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰিয় কলা-কুশলী আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অহা ইংৰাজী ২৭ নৱেম্বৰ দেওবাৰে উদ্‌যাপন কৰা হ'ব।

বিগত বৰ্ষসমূহত দ্বিতীয় বৃন্দাবনসদৃশ নৈসর্গিক পৰিবেশেৰে সজাই-পৰাই তোলা ৰাস উৎসৱস্থলীত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে ৰাসখনিত কৃষ্ণৰ জন্মৰ পৰা ভিন্ন কাল পৰিবেশন কৰি আহিছে।এইবছৰো অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে এজোপা ৰাধাচূড়া গছৰ তলত আটকধুনীয়া মঞ্চ তৈয়াৰ কৰি সমন্বয় ৰাসখনে শ্ৰীকৃষ্ণৰ লগতে শংখচূড়ৰ ব্যতিক্রমী আৰু আকর্ষণীয় সাজ- পোছাকত নতুনত্বৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি সম্পাদক বিমল বৰাই মন্তব্য আগবঢ়ায়।

উক্ত ৰাস মহোৎসৱতেই অসমৰ সংবাদ জগতত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে " প্ৰতিদিন টাইম"-ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক এইবছৰ " জাগৰণ" ৰ "অসম গৌৰৱ " বঁটা প্ৰদান কৰা হ'ব বুলি মঞ্চৰ সভাপতি শিৱ বৰ্মনে জানিবলৈ দিয়ে ।জাগৰণ" সচেতন নাগৰিক মঞ্চই বিগত বৰ্ষসমূহত বিভিন্ন জনসেৱা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো এক নৱ্য জাগৰণ গঢ়ি তুলিছে ।

তাৰ সমান্তৰালভাৱে সমাজৰ বিভিন্ন ক্ষেত্ৰত যিসকল বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ আদৰণীয় আৰু অনুকৰণীয় কৰ্মৰে নিজে উদ্ভাসিত হোৱাৰ লগতে সামাজিক-সাংস্কৃতিক জগতত বিশেষ ভুমিকা পালনেৰে বা প্ৰতিভা আৰু দক্ষতাৰে অবিস্মৰণীয় অৰিহণা আগবঢ়াইছে, সেইসকল মহান ব্যক্তিক সন্মান যাঁচি আহিছে ।

ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ প্ৰয়াসেৰে এই বৰ্ষও অসমৰ সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ শ্ৰীযুত নিতুমনি শইকীয়া দেৱলৈ তেখেতৰ অগতানুগতিক চিন্তা,নিৰ্ভীক আৰু নিৰপেক্ষতা, স্পষ্টবাদিতা আৰু সততাৰে জনসাধাৰণৰ হৈ আৰু জনসাধাৰণৰ বাবে প্ৰেৰণাদায়ী ধ্যান-ধাৰণাৰে কেৱল অসম ৰাজ্যতেই নহয়,সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এক সুকীয়া আদৰ্শ প্ৰতিষ্ঠাৰে এক ঈপ্সিত পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

তেখেতৰ এনে অদ্বিতীয় কৰ্মৰাজিৰে বিগত সময়ছোৱাত অসমৰ জ্বলন্ত সমস্যা সমূহ বলিষ্ঠ ভাৱে দাঙি ধৰি ,জীয়া সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা গ্ৰহণেৰে অসমৰ সংবাদ জগতৰ বাটকটীয়া ৰূপে গণতন্ত্ৰৰ অতন্দ্ৰপ্ৰহৰী হৈ জনমত গঠনত আন্তৰিকতাৰে কাম কৰি অহাৰ বাবে তেখেতক এই বিৰল সন্মান প্ৰদান কৰাৰ কথা আয়োজকমণ্ডলীয়ে জানিবলৈ দিয়ে ।

বঢ়মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া ৰাসখনত এইবাৰো দৰ্শকে ১৬ গৰাকী কৃষ্ণ আৰু ৬ গৰাকী শংখচূড়ৰ অভিনয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ বিভিন্ন ঠাইৰ গোপীসকলৰ নৃত্য উপভোগ কৰিবলৈ জাগৰণ সচেতন নাগৰিক মঞ্চৰ ৰাস উৎসৱ উদযাপন সমিতিয়ে সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছে। ৰাস উৎসৱৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি জাগৰণৰ নিৰ্মীয়মান ছবি "কৃষ্ণলীলা"ৰ এটি গীতৰ ভিডিও উন্মোচন কৰা হ'ব ।

শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটৰ আলম লৈ নিৰ্মান কৰা প্ৰথম খন অসমীয়া কথাছবি "কৃষ্ণলীলা"ৰ শ্ৰুতি মধুৰ গীতটিত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰই —কৃষ্ণ-ৰাধাৰ বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিছে অভিনেতা ৰাজীৱ ৰাগ আৰু সুস্মিতা শ‍ইকীয়াই।

আৰু পঢ়ক: কমলপুৰত বীজ বিতৰণ সভাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in