ৰাহুল গান্ধীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শঃ দেশজুৰি আৰম্ভ চৰ্চা...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক সমালোচনা।

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  পৰামৰ্শঃ দেশজুৰি আৰম্ভ চৰ্চা...

himanta biswa sarma and rahul gandhi

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক সমালোচনা। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে ৰাহুল গান্ধীয়ে ভাৰত নহয়, পাকিস্তানত বাহিৰ কৰিব লাগে ভাৰত জোড়ো আন্দোলন।

Advertisment

উল্লেখ্য যে কংগ্ৰেছ দলটোৱে সমগ্ৰ দেশজুৰি আজিৰে পৰা আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা। বিজেপিৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিবলগীয়া এই যাত্ৰাক নেতৃত্ব প্ৰদান কৰিব ৰাহুল গান্ধীয়ে।

আনহাতে এই যাত্ৰাত ৰাহুল গান্ধীক সংগ দিব কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কংগ্ৰেছ দলটোৰ জ্যেষ্ঠ নেতাসকলে। কন্যাকুমাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰা শেষ হ'ব কাশ্মীৰত।

ৰাহুল গান্ধীৰ নেতৃত্বত বাহিৰ হ'বলগীয়া এই ভাৰত জোড়ো যাত্ৰাক লৈ দেশৰ ৰাজনীতিত চৰ্চা তীব্ৰতৰ হোৱাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো আন্দোলন পাকিস্তানত হে কৰিব লাগে।

হিমন্ত বিশ্বৰ মতে ভাৰত সদায় একত্ৰিত হৈ আছে। কংগ্ৰেছেহে ভাৰতৰ দ্বিখণ্ডিত কৰিছিল। সেয়ে ৰাহুল গান্ধীয়ে পাকিস্তানত এই যাত্ৰা কৰিব লাগে।

bharat jodo yatra himanta biswa sarma congress rahul gandhi