জামুগুৰিহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন

জামুগুৰিহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জয়তু মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মা, মুখ্যমন্ত্ৰী দীৰ্ঘায়ু হওক, মুখ্যমন্ত্ৰী সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, হেপ্পি বাৰ্থ ডে মামা আদি শ্ল’গান আৰু গীতে মাতে উজলি উঠিল জামুগুৰিহাটৰ ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ চৌহদ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে উত্তৰ নদুৱাৰ যুৱ মৰ্চা আৰু অনুসুচিত জনজাতি মৰ্চাৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া জামুগুৰিহাটৰ ৰঙাচকুৱাত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে কেক কাটি বিশ্বশৰ্মাৰ জন্মদিন উদযাপন কৰে। লগতে কেবাগৰাকীও স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ জীপাল কৰিও তোলে৷

Advertisment

কৰ্মদক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মোদ্যম অনাগত দিনত অধিক হোৱা আৰু সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনাৰে প্ৰাৰ্থনা কৰাৰ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক অনাগত সময়তো এইদৰেই অসমৰ ৰাইজে সদায় ৰাইজৰ হৈ কাম কৰি যোৱাৰ অধিক শক্তি প্ৰদান কৰাৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৰাইজে । ইয়াৰ লগতে নদুৱাৰ প্ৰেচ ক্লাৱৰ সভাপতি আনোৱাৰ আহমেদ, জামুগুৰি ক্ৰীয়া সন্থাৰ সভাপতি গৌতম লাহন, জেষ্ঠ বিজেপি কৰ্মী মৃদুল নাথ, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিক অসমীয়া জাতীয় স্বাভিমান ফুলাম গামোছা, একোটাকৈ গছ পুলিৰে সম্বৰ্ধনা জনায় নদুৱাৰ যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াৰ লগতে সদস্যসকলে ।

Also Read: আজিৰ বাজেটখন এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট: লুৰীণজ্যোতি গগৈ