মঙলদৈত এগৰাকী ছাত্ৰীৰ মনৰ আশা পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভুমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
মঙলদৈত এগৰাকী ছাত্ৰীৰ মনৰ আশা পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভুমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আগবাঢ়ি আহিল এগৰাকী বিশেষ ভাৱে সক্ষম ছাত্ৰী।

Advertisment

গেৰিমাৰী বিদ্যানগৰৰ দিন হাজিৰা কৰা কমল বৰা আৰু মামণি বৰাৰ কন্যা মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক জনালে কাতৰ আহ্বান।

মুখ্যমন্ত্ৰীৰ ওচৰত আহি ছাত্ৰী গৰাকীয়ে কয় যে ‘প্ৰতিবছৰে বান পানী হয়’ বানপানীত আমাৰ ঘৰটো ভাঙি যায় ’। ঘৰটোৰ এটা ব্যৱস্থা কৰি দিবলৈ ছাত্ৰী গৰাকীয়ে আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

ছাত্ৰী গৰাকীৰ আহ্বানক সহাঁৰি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৎক্ষণিকভাৱে উপায়ুক্তক ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

assam himanta biswa sarma mangaldai