বিৰোধিক ভোট দিয়া আৰু মতা গৰু কিনা একেই, দানা খুৱালেও গাখীৰ নিদিয়ে-শৰ্মা

বিৰোধিক ভোট দিয়া আৰু মতা গৰু কিনা একেই, দানা খুৱালেও গাখীৰ নিদিয়ে-শৰ্মা

author-image
asomiyapratidin
New Update
গৰম হৈছে কাৰ্বি পাহাৰৰ নিৰ্বাচনী বতাহঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৩ স্থানত চলাব প্ৰচাৰ…

ডিজিটেল ডেস্ক: সমাগত মাজুলীৰ উপ-নিৰ্বাচন। বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেইবাটাও প্ৰতিশ্ৰুতি আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে।

শৰ্মাই কয় যে ৯ মাহ মাজুলীত বিধায়ক নোহোৱাৰ বাবে বহু সমস্যা হৈছে। মাজুলীৰ বাবে বিধায়ক নিৰ্বাচন কৰাৰ বাবে নিৰ্বাচনী আয়োগে ৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তেওঁ কয় যে বৰ্তমান ৰাজ্য আৰু দিল্লীত বিজেপি আছে গতিকে জাতীয় পৰিষদক ভোট দি লাভ নাই। বিৰোধিক ভোট দিয়া আৰু মতা গৰু কিনি অনা এটায়ে কথা। দানা খুৱালেও গাখীৰ নোলাব। কিন্তু বিজেপিক ভোট দিলে লাভ কৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান মাজুলী বিভিন্ন সমস্যাৰে জৰ্জৰিত। এই সমস্যা সমাধান কৰিবলৈ মাজুলীৱাসীয়ে ভোট দিব লাগিব ভুৱন গামক। তদুপৰি কথাৰে নহয়, কামেৰে পৰিচয় বুলি কয় শৰ্মাই। ভুৱন গামে যি দৰে বহু কষ্ট কৰি জীৱনত আগবাঢ়িছে তেনেদৰে মাজুলীৰো কাম কৰিব।

majuli himanta biswa sarma