মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ বাবে আহ্বান কৰা সভাত উপস্থিত হিমন্ত বিশ্ব...

মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ বাবে আহ্বান কৰা সভাত উপস্থিত হিমন্ত বিশ্ব...
Published on
Updated on

ডিজিটেল সংবাদ,চতিয়াঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস বিজৰিত ঐতিহাসিক চতিয়া থানাত মঙলবাৰে বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।২০২৫ চনৰ পৰা ২০ আগষ্টৰ দিনটো চৰকাৰীভাৱে চতিয়া দিৱস হিচাপে পালন কৰাৰ কথা অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জনোৱাৰ বাবে আহ্বান কৰা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে স্বাধীনতা আন্দোলনৰ সেনানী সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি চতিয়া থানাখন পৰ্যটন আৰু ঐতিয্যক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰথম পৰ্যায়ত ৫ কোটি টকাৰ অনুদান আগবঢ়োৱা কথা ঘোষণা কৰে।

ইফালে সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অনলাইন ট্ৰেডিং এপত ধন বিনিয়োগ কৰাৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈও আহ্বান জনায়।

উল্লেখ্য যে বৃটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ সময়তে ভাৰতৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে চতিয়া থানাত বৃটিছৰ পতাকা নমাই ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল যদিও বিনা ৰক্তপাতে এই ঘটনা সংঘটিত হোৱাৰ বাবে এই কথা পোহৰলৈ অহা নাছিল।

কিন্তু অসম চৰকাৰে ২৯ আগষ্টত বিধানসভাৰ মজিয়াত চৰকাৰীভাৱে ২০ আগষ্টৰ দিনটো 'চতিয়া দিৱস' হিচাপে পালন কৰি একপ্ৰকাৰে চতিয়াৰ এই স্বাধীনতা আন্দোলনৰ ঐতিহাসিক ঘটনাক স্বীকৃতি প্ৰদান কৰাত চতিয়াৰ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আজি অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত উপস্থিত আছিল।

মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ বাবে আহ্বান কৰা সভাত উপস্থিত হিমন্ত বিশ্ব...
মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in