বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা...

বিহু বিকৃতকৰণক লৈ কঠোৰ হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্কঃ বিহু বিকৃতকৰণক লৈ কঠোৰ হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। জাতীয় পোছাক পৰিধান কৰি অসমতে বিহুক বিকৃতকৰণ কৰাকলৈ মুখ্যমন্ত্রীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Advertisment

উল্লেখ্য যে, গুৱাহাটীৰ এখন উল্লেখনীয় পঞ্চতাৰকা হোটেল ৰেডিচন ব্লু’ত অনুষ্ঠিত এক অনুষ্ঠান অসমীয়া সংস্কৃতিৰ বাহক বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল। জানিব পৰা অনুসৰি কলকতাৰ এটা নৃত্যৰ দলে বিকৃত ৰূপত প্রদৰ্শন কৰিছিল বিহু নৃত্য। এই নৃত্যৰ ভিডিঅ' সামাজিক মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ।

এটা ব্যক্তিগত কোম্পানীৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। আৰু ইয়াৰ পাছতেই বিহু বিকৃতকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ এই সন্দৰ্ভত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিয়ে।

Also Read: বীৰেন সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

assam govt cm himanta biswa sarma