আজি উদ্বোধন হ’ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোট

ধুবুৰীত উচ্চ শিক্ষাৰ দ্বাৰ মুকলি

author-image
Asomiya Pratidin
New Update
আজি উদ্বোধন হ’ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোট

অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামেৰে প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অন্যতম ধুবুৰী গোটৰ শুভ উদ্বোধনী অনুষ্ঠান আজি সফলতাৰে সমাপন হৈ যায় ৷ ৰাজ্য চৰকাৰৰ অনুমোদন সাপেক্ষে আৰম্ভ হোৱা এই গোটৰ স্থায়ী চৌহদ ধুবুৰীৰ ডুমৰদহ, বালাজানত এই শুভাৰম্ভণি অনুষ্ঠান পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় ৷

Advertisment

বিশ্ববিদ্যালয়খনৰ এই উদ্বোধনী অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, বিশ্ববিদ্যালয়খনৰ মুখ্য সমন্বয়ক; সঞ্চালক (বিত্ত আৰু পৰিকল্পনা) তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ৷

ধুবুৰীত উচ্চ শিক্ষাৰ পথ মুকলি কৰা বিশ্ববিদ্যালয়খনৰ এই উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰা, উপ পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰকান্তি সৰকাৰ, উপ পঞ্জীয়ক (শৈক্ষিক) ড° নয়নমনি শইকীয়া, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিভিন্ন জিলাৰ বিষয়-ববীয়াৰ লগতে স্থানীয় বি.এন কলেজ, ভোলানাথ মহাবিদ্যালয়, হালাকুৰা মহাবিদ্যালয়, পূৱ কামৰূপ মহাবিদ্যালয়, সপটগ্ৰাম মহাবিদ্যালয়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ-উপাধ্যক্ষ-অধ্যাপক, গৌৰীপুৰ প্ৰেছ ক্লাৱৰ সভাপতিৰ লগতে সংবাদমাধ্যমৰ কৰ্মীসকল আৰু ধুবুৰীৰ ভালে সংখ্যক প্ৰতিষ্ঠিত বিদ্বৎমহলে অংশ গ্ৰহণ কৰিব ৷

উল্লেখনীয় যে, বিশ্ববিদ্যালয়খনে নগাঁৱৰ মুল চৌহদৰ সমান্তৰালভাৱে গুৱাহাটী আৰু চলিত শিক্ষা বৰ্ষৰে পৰা যোৰহাট গোটতো পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ডুমৰদহত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ এইটো হ’ব তৃতীয়টো গোট ৷ অনুষ্ঠানটো সফলতাৰে সমাপন হোৱাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে ৷

assam dhubri