কাছাৰৰ লাইলাপুৰত হেৰ’ইন জব্দ : গ্ৰেপ্তাৰ মণিপুৰৰ‌ সৰবৰাহকাৰী

কাছাৰৰ লাইলাপুৰত হেৰ’ইন জব্দ : গ্ৰেপ্তাৰ মণিপুৰৰ‌ সৰবৰাহকাৰী

ডিজিটৈল সংবাদ শিলচৰঃ কাছাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। সোমবাৰে লাইলাপুৰত নাকা চেকিঙৰ সময়ত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৬০টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে লাইলাপুৰ আৰু ধলাই আৰক্ষীয়ে।

বাকচকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে ৯০০ গ্ৰাম হেৰ’ইন। পিছত হেৰ'ইন খিনি জব্দ কৰা হয় ।‌ লগতে নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মণিপুৰৰ পূব ইম্ফল জিলাৰ বাসিন্দা খুলক ফৰ ইবঙ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। ইফালে, হেৰ'ইন জব্দ কৰা খবৰ পাই কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা লাইলাপুৰত উপস্থিত হৈ ধৃত সৰবৰাহকাৰীজনক জেৰা কৰে। আৰক্ষীৰ জেৰাত হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা আনি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি ধৃত সৰবৰাহকাৰীগৰাকীয়ে স্বীকাৰ কৰে।

সম্প্ৰতি ধৃত লোকজনক ধলাই আৰক্ষী থানাত অধিক জেৰা অব্যাহত ৰাখিছে। ইফালে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৯০০ গ্ৰাম হেৰʼইন জব্দ কৰা বাবে টুইটযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে।

কাছাৰৰ লাইলাপুৰত হেৰ’ইন জব্দ : গ্ৰেপ্তাৰ মণিপুৰৰ‌ সৰবৰাহকাৰী
যোৰাবাটত চোৰাং গৰু জব্দ : আটক সৰবৰাহকাৰী

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in