/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/46151a13-d803-435b-9015-e9eb8aaf8bbe/nights.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কাকৰিপাৰাত কেবাদিন ধৰি মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা হাতীৰ জাক এটাই ধাননি পথাৰ তহিলং কৰাত কৃষক সকলে সম্মুখীন লবলগীয়া হৈছে বিস্তৰ ক্ষতিৰ। উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা প্ৰতি নিশা ৬০/৭০ জনীয়া বনৰীয়া হাতীৰ জাক এটা মানকাচৰলৈ নামি আহে আৰু মানকাচৰৰ কাকৰিপাৰা, সদৰটিলা, ঠাকুৰানবাৰী এলেকাত কৃষক সকলৰ ধান খেতি হাতীৰ জাকটোৱে তহিলং কৰে।
নিশা এইদৰে হাতীয়ে ধান খেতি নষ্ট কৰাত কৃষক সকলে বৃহৎ লোকচানৰ সম্মুখীন হ'ব লগীয়া হৈছে । আনহাতে, কৃষক সকলৰ লগতে ৰাইজে নিজে হাতী খেদিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যদিও হাতী খেদিবলৈ বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, নিশা হলেই হাতীৰ জাক এইদৰে নামি আহি খেতি পথাৰ নষ্ট কৰি পুৱতি নিশা গাৰো পাহাৰত আশ্ৰয় লয় ।