/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8f44f31d-4c73-48a1-8165-f31c3d15cc2c/mod.jpg)
hemkosh braille version presente to modi
ডিজিটেল ডেস্ক: বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৰ্পন কৰা হয় হেমকোষৰ ব্ৰেইলী সংস্কৰণ। সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীৰ দিল্লীস্থিত কাৰ্যালয়ত উপস্থিত হৈ এই অভিধানখন অৰ্পন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/82fea01c-50e9-4dbb-9056-2d4918ca3823/WhatsApp_Image_2022_09_21_at_3_15_18_PM.jpeg)
এই সময়চোৱাত বৰুৱাৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জয়ন্ত বৰুৱাৰ পত্নী ৰুবী বৰুৱা আৰু শিল্পী অজন্তা গোস্বামী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5f993ddd-4d6e-4549-8363-d7ecf467fcee/WhatsApp_Image_2022_09_21_at_3_20_58_PM.jpeg)
হেমকোষৰ ব্রেইলী সংস্কৰণক লৈ সুখী আৰু আশাবাদী প্রধানমন্ত্রী মোডী। হেমকোষৰ ব্ৰেইলী সংস্কৰণ গ্ৰহণ কৰি মোডীয়ে কয় যে ''দেশত বহু কেইটা ভাষা আছে কিন্তু আমি কেৱল কেইটামানহে জানো। অসমীয়া ভাষাতো বহু দৃষ্টিহীন শিক্ষাৰ্থী আছে যাৰ বাবে লাভান্বিত হ'ব সকলো''।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c6208e4e-bb8c-44ef-aedc-006f8ffdc14a/WhatsApp_Image_2022_09_21_at_3_15_15_PM__1_.jpeg)
দক্ষিণ-পূৱ এচিয়াৰ প্ৰথম খন ব্ৰেইলী অভিধানৰ কাম কৰি জয়ন্ত বৰুৱাই মহৎ কাৰ্য সাধন কৰা বুলি কয় প্ৰধানমন্ত্ৰীয়ে। লগতে কয় যে বিদগ্ধ পণ্ডিত হেমচন্দ্ৰ বৰুৱাই হেমকোষৰ যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰা ৪ টা প্ৰজন্ম ধৰি অব্যাহত আছে।
জয়ন্ত বৰুৱাক এই ক্ষেত্রত আৰু আগুৱাই যোৱাৰ আহ্বান প্ৰাধানমন্ত্ৰীৰ। আন্তঃৰাজ্যিক ভাষাৰ অভিধান প্রণয়নৰো পোষকতা প্রধানমন্ত্রীৰ। লগতে কয় যে এই অভিধানে সমাজৰ হিত সাধন কৰাই নহয়, ভাষা সাহিত্যৰ ইতিহাসত এয়া এক মহৎ কাৰ্য হিচাপে চিহ্নিত হৈ ৰ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8dc037dd-816b-45e0-b34d-c54d7fdb0b8b/WhatsApp_Image_2022_09_21_at_3_15_17_PM.jpeg)
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰুৱাৰ এনে কামৰ প্ৰশংসা কৰে লগতে প্ৰধানমন্ত্ৰীক সাদিন-প্ৰতিদিন গোষ্ঠী আৰু হেমকোষৰ ঐতিহ্যৰ কথা কয়। হেমকোষেই যে অমসৰ প্ৰথম অসমীয়া আৰু সৰ্বশ্ৰেষ্ঠ অভিধান সেই বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/944c84d9-26b2-4c7f-afb8-13a90a1fa2b5/WhatsApp_Image_2022_09_21_at_3_15_16_PM.jpeg)
উল্লেখ্য যে, ১৬ ছেপ্টেম্বৰত গুৱাহাটীত উন্মোচন কৰা হৈছিল হেমকোষৰ ব্ৰেইলী সংস্কৰণ।প্রথম পৰ্বৰ ব্রেইল হেমকোষত আছে স্বৰবৰ্ণৰ ৫টা খণ্ড। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে সভাত উপস্থিত থাকি এই অভিধান সকলোৰে বাবে মুকলি কৰি দিছিল। প্ৰায় ১ লাখ শব্দৰ সহায়ত প্ৰকাশ হোৱা এই অভিধান খনৰ পৰা লাভাম্বিত হ'ব বহু দৃষ্টিহীন শিক্ষাৰ্থী। তদুপৰি এই অভিধান খন ৰাজ্য, দেশৰ দৃষ্টিহীন শিক্ষাৰ্থীৰ বিদ্যালয় ,বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় পুঁথি ভৰাল, ৰাজ্যিক পুঁথি ভৰাললৈ বিনামূলীয়াকৈ অৰ্পন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে জয়ন্ত বৰুৱাই।
অসমীয়া ভাষাৰ পূৰ্ণাংগ আৰু প্ৰথম অভিধান হেমকোষ বহুকালৰ প্ৰচেষ্টাৰে পণ্ডিত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰি সম্পূৰ্ণ কৰে যদিও ১৮৯৬ চনত তেওঁৰ মৃত্যু হোৱাত ইয়াৰ ৪ বছৰ পিছতহে ১৯০০ চনত এই অভিধানখন চপা আঁকাৰত হেমচন্দ্ৰ গোস্বামীৰ তত্বাৱধানত প্ৰকাশ পাই। তেতিয়াৰ পৰাই বৰ্তমানলৈ অব্যাহত আছে হেমকোষৰ যাত্ৰা। উল্লেখ্য যে হেমকোষৰ চতুৰ্থ সংস্কৰণৰ পৰা চতুৰ্দশ সংস্কৰণলৈ হেমকোষখন হেমচন্দ্ৰ বৰুৱাৰ পুত্ৰ দেৱানন্দ বৰুৱাই সম্পাদনা কৰাৰ লগতে প্ৰকাশ কৰি উলিয়াইছিল। এই হেমচন্দ্ৰ বৰুৱাৰে পৰিয়ালৰ সদস্য, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই হেমকোষৰ চতুৰ্দশ সংস্কৰণটো ব্ৰেইলী পদ্ধতিত প্ৰকাশ কৰে। হেমকোষৰ এই ব্ৰেলী সংস্কৰণেই দক্ষিণ পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী লিপিৰ পূৰ্ণংগ অভিধান।