বোমা বিস্ফোৰণৰ দৃশ্য গ্ৰহণ কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত সঞ্জয় দত্ত

author-image
Asomiya Pratidin
New Update
বোমা বিস্ফোৰণৰ দৃশ্য গ্ৰহণ কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত সঞ্জয় দত্ত

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত শ্বুটিং স্থলীতেই এক দুৰ্ঘটনাতপতিত হয়। তেওঁৰ পৰৱৰ্তী কানাড়া ছবি কেডি-দ্যা-ডেভিলৰ শ্বুটিং স্থলীত দুৰ্ঘটনাৰ সন্মুখীন হয় অভিনেতা গৰাকী। বুধবাৰে সংঘটিত হয় এই ঘটনা।

Advertisment

জানিব পৰা মতে, বাংগালুৰুত শ্বুটিং চলি থকাৰ সময়ত চলচ্চিত্ৰখনৰ বাবে বোমা বিস্ফোৰণৰ দৃশ্যগ্ৰহণ কৰোতে অভিনেতাজন আঘাতপ্ৰাপ্ত হয়। তেওঁৰ হাত, আৰু মুখমণ্ডলত কিছু আঘাত পায়। ঘটনাৰ পাছতেই শ্বুটিং বন্ধ কৰি দিয়া হৈছিল।

বৰ্তমান অভিনেতা গৰাকী সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ছবি খনত দত্তই ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে।

Also Read: দুদিন ধৰি প্ৰেমিকাৰ মৃতদেহৰ সৈতে কোঠাৰ ভিতৰত থাকিল প্ৰেমিক, পাছত...