পুৰনিগুদামৰ হেম কান্ত কলিতাৰ মৃত্যু

পুৰনিগুদামৰ হেম কান্ত কলিতাৰ মৃত্যু

author-image
asomiyapratidin
New Update
পুৰনিগুদামৰ হেম কান্ত কলিতাৰ মৃত্যু

ডিজিটেল সংবাদ, নগাঁও : শুকুৰবাৰে বিয়লি ইহলীলা সম্বৰন কৰে হেম কান্ত কলিতাই ৷ ৭৫ বছৰ বয়সত পুৰনিগুদাম নাম পানী গাঁৱৰ নিজা বাসভৱনত বাধক্যজনিত কাৰনত মৃত্যুক সাৱতি লয় হেমকান্ত কলিতাই ৷ অবিবাহিত কলিতা প্ৰয়াত মুক্তিযোদ্ধা চেনিৰাম কলিতাৰ কনিষ্ঠ পুত্ৰ আছিল ৷

শাৰিৰীৰ ভাবে বাধাগ্ৰস্হ হৈও প্ৰয়াত হেমকান্ত কলিতা এগৰাকী কূটীৰ শিল্পী আছিল ৷ অসমীয়া ভাওনাৰ সাঁজ পোচাকে কলিতাৰ হাতত প্ৰান পাই উঠিছিল ৷ কলিতাই মৃত্যুৰ সময়ত জেষ্ঠ ভাতৃ শিক্ষাবিদ,শিল্পী বুদ্ধি নাথ কলিতাৰ লগতে আত্মীয়ক এৰি থৈ গৈছে ৷ হেম কান্ত কলিতাৰ মৃত্যুত স্হানীয় অঞ্চলটোত শোঁকৰ চাঁ পৰিছে ৷

আৰু পঢ়ক: ব্ৰহ্মপুত্ৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ…

nagaon assam