শিৱসাগৰৰ পুৰণি গৃহত ভাষাৰ ওজাক স্মৰণ...

শিৱসাগৰৰ পুৰণি গৃহত ভাষাৰ ওজাক স্মৰণ...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ পুৰণি গৃহত ভাষাৰ ওজাক স্মৰণ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ আজি ভাষা ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু তিথি । ১৮৩৫ খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত মুক্তাৰাম বৰুৱাৰ ঔৰষত জন্মগ্ৰহণ কৰা বৰেণ্য অসমীয়া গৰাকীয়ে অসমীয়া সাহিত্যৰ পথাৰ ডৰা চহাই  সৃষ্টিৰ শস্য সিঁচি অসমীয়া সাহিত্যৰ ভেটি গঢ়িছিল ৷

Advertisment

বৰেণ্য অসমীয়া গৰাকীৰ মৃত্যুৰ দিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।  অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক।‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা।

১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব’হাগ তাৰিখে গুৱাহাটী মহানগৰীত তেখেতৰ মৃত্যু হৈছিল।তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়। হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত।  নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল ৷

এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদ‍ই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল।  আনহাতে আজি  মৃত্যু তিথি দিনটোত শিৱসাগৰ আমোলাপত্তি স্থিত পুৰণি বাসগৃহত পৰিনাতি সকলে হেমচন্দ্ৰ বৰুৱা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি মানৱজীৱন বেজবৰুৱা, পৰিনাতি বোৱাৰি নিৰ্মালি বেজবৰুৱা, সত্য বেজবৰুৱাকে ধৰি পৰিয়ালৰ লোকে অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰা বৰেণ্য ব্যক্তি গৰাকীক স্মৰণ কৰে

শিৱসাগৰ হেমচন্দ্ৰ বৰুৱা