/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/margherita-ngo.jpg)
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াৰ নেতৃত্বত অসমৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে সহায়ৰ হাত। ২০১৯ বৰ্ষত স্থাপিত হোৱা হেল্পিং হেণ্ড – উই কেয়াৰ তিনিচুকীয়া জিলাৰ এক স্বেচ্ছাসেৱী অনুস্থান ৷ বিগত ৩ বছৰ ধৰি হেল্পিং হেণ্ড – উই কেয়াৰে বিভিন্ন সামাজিক গঠনমূলক কাম-কাজ কৰাৰ লগতে বিভিন্ন সময়ত বহুতো লোকক সহায়ৰ হাত আগবঢ়াই আহিছে ৷
হেল্পিং হেণ্ড – উই কেয়াৰৰ প্ৰতিষ্ঠাপক বৰ্তমান অষ্ট্ৰেলিয়াৰ নিৱাসী আৰু তিনিচুকীয়াৰ জীয়ৰি মমী চৈয়দ ৷ ২০১৯ বৰ্ষত মমী চৈয়দে নিজৰ স্কুলীয়া কেইগৰাকীমান বান্ধৱীৰ সহায়ত এটি সামাজিক গ্ৰুপ, হেল্পিং হেণ্ড – উই কেয়াৰৰ গঠন কৰিছিল ৷ তেতিয়াই গ্ৰুপৰ কাম-কাজ সমূহ সুচাৰু ৰূপে আগবঢ়াই নিবলৈ মমীৰ স্কুলীয়া বান্ধৱী সমূহ আগবাঢ়ি আহিছিল ৷ বৰ্তমান হেল্পিং হেণ্ড – উই কেয়াৰ গ্ৰুপ অসমৰ বিভিন্ন ঠাইৰ ৮০ গৰাকী মহিলা সদস্যাৰে সমৃদ্ধ ৷
হেল্পিং হেণ্ড – উই কেয়াৰে সমাজৰ অভাৱগ্ৰস্থ শ্ৰেণীৰ শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ অৰ্থনৈতিক কাৰণত শিক্ষা আধৰুৱা হৈ ৰোৱা ছাত্ৰ-ছাত্ৰী সকলকৰ পুনৰ এডমিচন, আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষামূলক বিভিন্ন সামগ্ৰী যেনে – কিতাপ, বহী, কলম-পেঞ্চিল আদিকে ধৰি বিভিন্ন জৰুৰী সামগ্ৰী বিতৰণ কৰা, অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেনীৰ ছাত্ৰ – ছাত্ৰী সকলৰ বাবে বিনামূলীয়া অনলাইন ক'চিং আদি কৰি হেল্পিং হেণ্ড – উই কেয়াৰে বিভিন্ন আচঁনি ৰূপায়ণ কৰি আহিছে ৷
হেল্পিং হেণ্ড – উই কেয়াৰৰ সৌজন্যত বিভিন্ন বিদ্যালয় সমুহত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ধৰণৰ জৰুৰী শিক্ষামূলক সামগ্ৰী প্ৰদান কৰি আহিছে ৷ আজি এই আচঁনিৰ অন্তৰ্গত হেল্পিং হেণ্ডৰ চাৰিজনীয়া এটা দল, ক্ৰমে – বৰ্ণালী ঠাকুৰ, মৌছুমী গগৈ বেৰিয়া ,পূৰৱী শইকীয়া আৰু সুলেখা গগৈয়ে মাৰ্ঘেৰিটা আৰ্দশ বিদ্যা মন্দিৰত কিছু জৰুৰী শিক্ষামূলক সামগ্ৰী যেনে – বহী, কলম-পেঞ্চিল আদি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বহিবৰ বাবে কিছু বেঞ্চ/ডেস্ক আদি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে ৷ হেল্পিং হেণ্ড – উই কেয়াৰৰ এনে মহৎ পদক্ষেপক বিদ্যালয় খনৰ শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলে আদৰণি জনাইছে।
আৰু পঢ়কঃ অসম পৰ্বতাৰোহণ সন্থাক ডিগবৈ তেল শোধানাগাৰৰ উন্নতমানৰ নাওঁ অৰ্পণ…