/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/bipul-da.jpg)
ডিজিটেল ডেস্কঃ জটিল ৰোগত আক্ৰান্ত হৈছে সাংবাদিক, সাহিত্যিক বিপুল কুমাৰ দিহিঙীয়া। বিগত প্ৰায় দুটা দশক ধৰি সংবাদ ক্ষেত্ৰ খনলৈ নিৰন্তৰ সেৱা আগবঢ়াই অহা দিহিঙীয়াই এতিয়া অৰ্থৰ অভাৱত পৰি কৰিব পৰা নাই চিকিৎসা। ধনৰ অভাৱৰ বাবেই থমকি ৰৈছে তেওঁৰ জটিল তথা ব্যয়বহুল অস্ত্ৰোপচাৰ।
ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছত এতিয়া ব্যয়বহুল অস্ত্ৰোপচাৰ বাবে প্ৰয়োজন তেওঁক আৰ্থিক সাহাৰ্যৰ। উল্লেখ্য যে গহপুৰৰ লগতে অসমৰ সংবাদ, সাহিত্য আৰু সংস্কৃতিৰ জগতখনলৈ অশেষ অৱদান আগৱঢ়াই আহিছে তেওঁ। তেওঁৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ হোৱা লেখাবোৰৰ বাহিৰেও ইতিমধ্যে প্ৰকাশ পাইছে বহুকেইখন গ্ৰন্থ।
উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ভাষা গৌৰৱ বঁটাৰ বাবেও বিবেচিত হৈছিল দিহিঙীয়া। সদৌ অসম কবি সন্মিলন তথা অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী জনে গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া বাৰ্তাপখিলী আলোচনীৰ সহকাৰী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। ইতিমধ্যে ৪ খন কাব্য সংকলন প্ৰকাশ পাইছে তেওঁৰ।
তেওঁৰ চিকিৎসাৰ বাবে শুভাংকাক্ষীসকলক সহায় বিচাৰিছে সদৌ অসম কবি সন্মিলনৰ লগতে সাংবাদিক বন্ধু তথা পৰিয়ালবৰ্গই।
তেওঁৰ সহায়ৰ ঠিকনা হৈছে-
A/C no- 35153670947 (SBI),
Name: Bipul Dihingia,
Cif No. 88632933412,
Ifsc No. SBIN0009140