হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ ৫ বছৰীয়া কাৰ্যকৰী কমিটি ভংগ

হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ ৫ বছৰীয়া কাৰ্যকৰী কমিটি ভংগ

ডিজিটেল সংবাদ,গহপুৰ:-গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিভিন্ন দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে বাতৰি প্ৰকাশ পাইছিল। তাৰ পাছতে এতিয়া কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটা পৰিলক্ষিত হৈছে।

সাংবিধানিক নীতি নিয়ম ভৰিৰে মোহাৰি ২০১৯ চনৰ পৰা একাদিক্ৰমে ৫ বছৰ একেখন কাৰ্যকৰী কমিটিৰ দ্বাৰা পৰিচালিত হৈ অহা হেলেম মণ্ডল পৰ্যায়ৰ কাৰ্যাকৰী কমিটিৰ কাম কাজক লৈ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্ট আছিল। গৰিষ্ঠ সংখ্যক গোটৰ সদস্যা আৰু গ্ৰাম্য সংগঠনৰ বিষয়ববীয়াৰ অভিযোগৰ ভিত্তিত প্ৰকাশ পোৱা বাতৰিৰ পিছত এতিয়া চৰম অস্বস্তিত ভুগিবলগীয়া হৈছে কাৰ্যাকৰী কমিটিখনৰ বিষয়ববীয়াই।

এই বিষয়ে বাতৰি লিখা সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ ভয় দেখুৱাবলৈ "বৰদলৈ" উপাধিৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ বিয়াগোম বিজেপি নেত্ৰী গৰাকীক সভাপাতি ভাষণ দিবলৈ মাতি অনাৰ পিছতো এতিয়া নিৰাপদ হোৱা নাই বহু চৰ্চিত কাৰ্যকৰী কমিটিখনৰ বিষয়ববীয়া।পঞ্চায়ত সভানেত্ৰী তথা বিজেপি নেত্ৰী গৰাকীয়ে বাতৰি লিখা সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি দি ভাষণ প্ৰদান কৰাৰ সম্পৰ্কে অসমীয়া প্ৰতিদিনৰ যোৱা ১৬ ডিচেম্বৰৰ সংখ্যাত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াৰ পিছত উক্ত কাৰ্যকৰী কমিটিখনে কেনেধৰণৰ মানসিকতাৰে কৰ্ম সম্পাদন কৰি আহিছিল সেয়া এতিয়া জলজল পটপট হৈ পৰিছে।

তাৰপাছতে দেওবাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ চন্দামাৰী থকা কাৰ্যালয়ত অনুষ্ঠিত হয় গ্ৰাম্য সংগঠনৰ সভানেত্ৰী-সম্পাদিকাক লৈ গঠিত ই.চি কমিটি আৰু কেডাৰ সকলৰ এখন জৰুৰী সভা। টকৌবাৰী, গমিৰি, হেলেম, কাৰিবিল আৰু মিছামাৰী গাঁও পঞ্চায়তৰ মুঠ ৪২ টা গ্ৰাম্য সংগঠনৰ ভিতৰত ৩৭ টা গ্ৰাম্য সংগঠনৰ বিষয়ববীয়া আৰু কেডাৰ সকলে অংশগ্ৰহণ কৰে এই সভাত।

এই সভাতেই হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ ৫ বছৰীয়া কাৰ্যকৰী কমিটিখন ভংগ কৰি নতুন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে স্বছ আৰু নিকা ভাৱে নতুন এখন কাৰ্যকৰী কমিটি গঠন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।তদুপৰি নৱগঠিত সমবায় সমিতিখন ভংগ কৰি পুনৰ নতুনকৈ গঠন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এইখন সমবায় সমিতিত গ্ৰাম্য সংগঠনক গুৰুত্ব নিদি চি এল এফৰ বিষয়ববীয়া সকলকেই অগ্ৰাধিকাৰ দি কৌশলগতভাবে সমবায় কমিটিখন গঠন কৰাৰ বাবে এতিয়া পুঞ্জীভুত ক্ষোভৰ উদ্গীৰণ ঘটিছে উক্ত সংগঠনৰ ভিতৰচ'ৰাত। আজিৰ সভাই বিচৰাধৰণে দুয়োখন কমিটি সলনি নোহোৱা পৰ্যন্ত গ্ৰাম্য সংগঠনৰ বিষয়ববীয়া সকল যে আশ্বস্ত নহয় সেয়া কিন্তু নিশ্চিত।

আজিৰ সভাত গৃহীত প্ৰস্তাৱ সমূহৰ প্ৰতিলিপি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বি পি এমক দিয়াৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।জানিব পৰা মতে-হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁলোকে বহু বাৰ ডিপিএম, বি পি এম আৰু বি চিক অভিযোগ দি আহিছিল যদিও সকলোবোৰ মিলি ভকত হৈ থকাৰ কাৰণে তেওঁলোকৰ কথাত অকণো গুৰুত্ব দিয়া নাছিল দায়িত্বশীল বিষয়া সকলে। এই সকলো দুৰ্নীতি অনিয়ৰ বিৰুদ্ধে 'অসমীয়া প্ৰতিদিন'ত প্ৰকাশ পোৱা বাতৰিৰ ভিত্তিত গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই যাবতীয় নথি পত্ৰসহ কাৰ্যকৰী কমিটিখনৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকাক মহকুমাধিপতি কাৰ্যালয়লৈ তলব কৰা বুলি জানিব পৰা গৈছে।

হেলেম মণ্ডল পৰ্যায়ৰ সংগঠনৰ ৫ বছৰীয়া কাৰ্যকৰী কমিটি ভংগ
ইটা ভাটাত শিশু শ্ৰমিক নিয়োগ! বাহনৰ চেপাত প্ৰাণ গ'ল ১০ বছৰীয়া শিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in