/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/AP-FOR-WEB-new-format-copy-10.jpg)
ডিজিটেল ডেস্ক: দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাৰ চিকিৎসাৰ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে। মন্ত্ৰী বিমল বৰাই সদৰি কৰিলে এই কথা। ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হৈ মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পী গৰাকী। এতিয়ালৈকে অচেতন হৈ আছে অপূৰ্ব বেজবৰুৱা।ভেন্টিলেটৰত আছে শিল্পী গৰাকী।
ইফালে জিএমচিএিচত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ট শৰ্মাৰ সমগ্ৰ চিকিৎসা ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে।সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই এই কথা জানিবলৈ দিয়ে। আনহাতে বৰ্তমান জিএমচিএইচত চিকিৎসাধীন বুঢ়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us