/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/mahanta-29.jpg)
ডিজিটেল সংবাদ কলিয়াবৰ: গৃহ সমষ্টি কলিয়াবৰৰ পাহাৰীয়া দুৰ্গম এলেকাত সোমবাৰে খোজকাঢ়ি প্ৰথম পালি ভেকচিনৰ সমীক্ষা লোৱাত নামিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে ৫ ডিচেম্বৰৰ ভিতৰত অসমত প্ৰথম পালি ভেকচিন ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ লক্ষৰে স্বাস্থ্য কৰ্মীৰ লগতে চৰকাৰী কৰ্মচাৰীৰ লগত ঘৰে ঘৰে ভেকচিন প্ৰদানৰ কাৰ্য্যসূচীত অংশ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
স্বাস্থকৰ্মী, নাৰ্চ, আশাকৰ্মীক লগত লৈ সোমবাৰে কলিয়াবৰৰ দুৰ্গম তথা ভিতৰুৱা অঞ্চল দেওচুৰ চাং¸ফুলগুৰি চাঙত খোজকাঢ়ি কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া কিমান সফল হৈছে সেয়া তদাৰক কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।সোমবাৰে পুৱাৰে পৰা কলিয়াবৰৰ ফুলগুৰি চাং আৰু দেওচুৰ চাং গাঁৱত ভেকচিন অভিযান চলাই স্বাস্থমন্ত্ৰী কেশৱ মহন্তই।