কলিয়াবৰৰ নৱনিৰ্মিত মহকুমা অসামাৰিক চিকিৎসালয় ভৱন পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ…

কলিয়াবৰৰ নৱনিৰ্মিত মহকুমা অসামাৰিক চিকিৎসালয় ভৱন পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ…

author-image
asomiyapratidin
New Update
কলিয়াবৰৰ নৱনিৰ্মিত মহকুমা অসামাৰিক চিকিৎসালয় ভৱন পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ…

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ জখলাবন্ধাৰ নৱনিৰ্মিত কলিয়াবৰ মহকুমা অসামাৰিক চিকিৎসালয়খনি অহা ১৫ ছেপ্টেম্বৰত ৰাইজৰ বাবে মুকলি কৰা হ'ব। সেই দিনা চিকিৎসালয়খনিৰ দ্বাৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

দেওবাৰে বিয়লি নৱ নিৰ্মিত কলিয়াবৰ মহকুমা অসামাৰিক চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেল যোগে এই কথা সদৰি কৰে। সংবাদ মেলত স্বাস্থ্য মন্ত্ৰী মহন্তই নৱনিৰ্মিত চিকিৎসালয়খনত চিটি স্কেন¸ ব্লাড বেংককে ধৰি অত্যাধুনিক সা-সুবিধা থাকিব বুলি উল্লেখ কৰে।

১৭ জন চিকিৎসকে চিকিৎসা প্ৰদান কৰিবলগীয়া চিকিৎসালয়খনত ১০০ খন বিচনাযুক্ত হোৱাৰ লগতে সকলো কক্ষতে অক্সিজেন সংযুক্ত থাকিব বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত ভৱনটো পৰিদৰ্শন কৰে।

উল্লেখ্য যে, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰবসীক জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়খনিক ১০০ খন বিছনাযুক্ত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে এটা তিনিমহলীয়া ঘৰৰ নিৰ্মাণৰ বাবে ১২ কোটি ৪৭ লাখ টকা মোকলাই দিছিল। উক্ত কামৰ ঠিকা লাভ কৰিছিল মেচাৰ্ছ কে কে এন্টাৰপ্ৰাইজ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে। ইতিমধ্যে চিকিৎসালয়খনৰ কাম ১০০ শতাংশই সম্পন্ন হৈ উঠিছে বুলিও জানিব পৰা গৈছে।