/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/11-4.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ মহামাৰী কোৰোনাৰ দ্ৰুত সংক্ৰমণে ৰাজ্যব্যাপী ব্যাপক ৰূপ লোৱাৰ সময়ত ঢকুৱাখনা মহকুমাৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰা দৃষ্টি গোচৰ হৈছে। ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঢকুৱাখনা আৰু ঘিলামৰা স্বাস্থ্য খণ্ডৰ অধীনত মুঠ ৯ টা স্থানত নিয়মীয়া ভাবে মহকুমা স্বাস্থ্য বিভাগৰ উদ্যোগত কোৰোনা ভেকচিন প্ৰদান কৰা দেখা গৈছে।
মহকুমাটোৰ ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ অধীনৰ মধুপুৰ বাগান, হাৰ্হি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, কেঁকুৰী পমুৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বকুলগুৰি নদীপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় আৰু মাতমৰা ৰাজ্যিক চিকিৎসালয়ত সোমবাৰে ৪৫ বছৰৰ উৰ্ধ্বৰ সৰ্বমুঠ ৩৯৭ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হয়।
আনহাতে, ঘিলামৰা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ১১০ গৰাকী , বেবেজিয়া স্বাস্থ্য কেন্দ্ৰত ১৯ গৰাকী, সোনাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১২৯ গৰাকী সহ মুঠ ২৫৮ গৰাকী ব্যক্তিক কভিড ভেকচিন প্ৰদান কৰা হয়। সোমবাৰ পৰ্যন্ত মহকুমাটোত সৰ্বমুঠ ৯ হাজাৰ ৫১৩ গৰাকী ব্যক্তিক ভেকচিন প্ৰদান কৰা হয়।
আশানুৰূপ ভাৱে কেন্দ্ৰ সমূহত ভেকচিন ল'বলৈ আগ্ৰহী ব্যক্তিৰ দীঘলীয়া শাৰী দেখা গৈছে । ইয়াৰ মাজতে সোমবাৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত গুৰনাইল সিঙে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কোভিড ভেকচিন গ্ৰহণ কৰি ৰাইজক সজাগ,সচেতন হোৱাৰ লগতে প্রশাসনে বান্ধি দিয়া কোৰোনা প্ৰতিৰোধৰ স্বাস্থ্য বিধি মানি চলিবলৈ ৰাইজক আহ্বান জনায়।