কিশোৰী অপহৰণ কৰি যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী প্ৰধান শিক্ষক

বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং বিহপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় চাহানী নামৰ গুৰুৱে কলংকিত কৰিলে গুৰু শিষ্যৰ সম্পৰ্কত৷

author-image
Tushar Pratim
New Update
 কিশোৰী অপহৰণ কৰি যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী প্ৰধান শিক্ষক

ডিজিটেল সংবাদ বিহালীঃ বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং বিহপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় চাহানী নামৰ গুৰুৱে কলংকিত কৰিলে গুৰু শিষ্যৰ সম্পৰ্কত৷ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিৰে জড়িত হৈ উপযুক্ত মানৱ সম্পদ  নিৰ্মাণকাৰী তথা সমাজৰ মেৰুদণ্ড স্বৰূপ শিক্ষক অজয় চাহানীয়ে এগৰাকী কিশোৰীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ দৰে জঘন্য অভিযোগ উঠিছে৷ 

Advertisment

জানিব পৰা মতে, বিহালী প্ৰাথমিৰ শিক্ষাখণ্ডৰ ২ নং বিহপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় চাহানীৰ বিৰুদ্ধে বিহালীৰ ১ নং জৰাবাৰীত এগৰাকী কিশোৰীৰ অভিভাৱকে কিশোৰী অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱা সন্দৰ্ভত বিহালীৰ জিনজিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰাৰ পিছতেই জিনজিয়া আৰক্ষীয়ে প্ৰধান শিক্ষক অজয় চাহানীক গ্ৰেপ্তাৰ কৰে৷ 

ইতিমধ্যে বিহালীৰ জিনজিয়া আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 137(2)/96 ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ হাতলৈ অহা তথ্য অনুসৰি সম্প্ৰতি বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ আৰক্ষীয়ে প্ৰধান শিক্ষক অজয় চাহানী থানাৰ লক আপত ৰাখিছে৷ 

শিক্ষকৰ দৰে মহান বৃত্তিৰে জড়িত অজয় চাহানীয়ে কিশোৰী অপহৰণ কৰি যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হোৱা ঘটনাটো বিয়পি পৰাৰ পিছতেই বিহালীত তীব্ৰ পতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

কিশোৰী নিৰ্যাতন বিহালী