শাক-পাচলিত কীটনাশকৰ উপস্থিতি সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শুনানি

শাক-পাচলিত কীটনাশকৰ উপস্থিতিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰে। মঙলবাৰে শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে।

author-image
Asomiya Pratidin
New Update
কীটনাশক দ্রব্য যুক্ত শাক-পাচলি বিক্ৰীত সাৱধান, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ শাক-পাচলিত কীটনাশকৰ উপস্থিতিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰে। মঙলবাৰে শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে।

Advertisment

ন্যায়ালয়ত চৰকাৰে জনাই যে খাদ্য দ্রব্যত কীটনাশকৰ উপস্থিতি তাৎক্ষণিকভাৱে ধৰা পেলাবলৈ অসমত ব্যৱস্থা নাই। গতিকে ভাবা আনৱিক গৱেষণা কেন্দ্রৰ পৰা অনা হ’ব পৰীক্ষণ সঁজুলি। ইতিমধ্যে ভাবা আনৱিক গৱেষণা কেন্দ্রৰে যোগাযোগ কৰিছে চৰকাৰে।

আজি উচ্চ ন্যায়ালয়ৰ এই শুনানিত উপস্থিত থাকে খাদ্য সুৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া অভিজিৎ বৰুৱা। এখন PILৰ শুনানি গ্রহণত শীৰ্ষ বিষয়াজনক উপস্থিত থকাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত শাক-পাচলি প্রৱেশৰ পূৰ্বে হ’ব পৰীক্ষণ হ'ব লাগিব বুলি নিৰ্দেশ দিছিল ন্যায়ালয়ে।কৃষি, স্বাস্থ্য, ফৰেনছিককে ধৰি কেইবাটাও বিভাগক পৰ্যাপ্ত ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে।

Also Read: বন্ধু আৰিফক দেখি পিঞ্জৰাৰ ভিতৰতে উৎফুল্লিত হৈ পৰিল সাৰচ, চাওক ভিডিঅ'...