বন্ধু আৰিফক দেখি পিঞ্জৰাৰ ভিতৰতে উৎফুল্লিত হৈ পৰিল সাৰচ, চাওক ভিডিঅ'...

কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটি সাৰচ পক্ষী আৰু এজন যুৱকৰ ভিডিঅ'। মহম্মদ আৰিফৰ লগত বন্ধু হৈ পৰিছিল সাৰচ পক্ষীটোৱে।

author-image
Asomiya Pratidin
New Update
বন্ধু আৰিফক দেখি পিঞ্জৰাৰ ভিতৰতে উৎফুল্লিত হৈ পৰিল সাৰচ, চাওক ভিডিঅ'...

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটি সাৰচ পক্ষী আৰু এজন যুৱকৰ ভিডিঅ'। মহম্মদ আৰিফৰ লগত বন্ধু হৈ পৰিছিল সাৰচ পক্ষীটোৱে। আৰিফ য'তেই যায় তালৈকে যায় পক্ষীটোৱে। এই ঘটনা আছিল উত্তৰ প্ৰদেশৰ। আমেঠিৰ যুৱকজনে চৰাইটোক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি সুস্থ কৰি তুলিছিল।

Advertisment

লাহে লাগে তেওঁলোকৰ বন্ধুত্ব বাঢ়ি গৈছিল। আৰিফৰ পক্ষীটোৰ সৈতে বিভিন্ন সময়ত ভিডিঅ' ভাইৰেল হৈ পৰে। যেতিয়া বন বিভাগে এই বিষয়ে জানিব পাৰিছিল তেতিয়া তেওঁলোকে সাৰচটোক আৰিফৰ পৰা পৃথক কৰি চিৰিয়াখানাত ৰাখিছিল আৰু আৰিফলৈ জাননীও প্ৰেৰণ কৰিছিল। তাৰ পাছতে খোৱা বোৱা এৰি দিছিল পক্ষীটোৱে। বহুতে পক্ষীটোক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছিল চৰকাৰক।

এতিয়া পুনৰ এক হৃদয়স্পৰ্শী ভিডিঅ' পোহৰলৈ আহিছে আৰিফ আৰু সাৰচৰ। আৰিফে কানপুৰৰ চিৰিয়াখানলৈ যায় য'ত এটি পিঞ্জৰাৰ ভিতৰত আৱদ্ধ আছিল পক্ষীটো।

ভিডিঅ'টোত দেখা পোৱা গৈছে যে আৰিফক দেখি সৰাচটো আনন্দত উৰি আহিব চেষ্টা কৰিছে। বাৰে বাৰে আৰিফৰ ওচৰলৈ আহিব বিচাৰিও বিফল হৈছে পক্ষীটো। এই ভিডিঅ'টোৱে পুনৰ আৰিফ আৰু পক্ষীটোৰ মাজৰ অফুৰন্ত মৰম দেখুৱাই দিছে। টুইটাৰত সাম্প্ৰতি ভাইৰেল হৈ পৰিছে আৰিফ আৰু সাৰচৰ নতুন ভিডিঅ'।

Also Read: ৪০ হাজাৰ দৰ্শকক চুপ থাকিবলৈ ক'লে গৌতম গম্ভীৰে