/asomiyapratidin/media/media_files/2025/01/05/5HltosPhcGzL4h1LqMcq.jpg)
হাওৰাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি Photograph: (হাওৰাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ
ইপিনে মুকলি সভাতেই বিগত বহু বছৰে অবিৰত ভাবে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া খবৰ কাকত আৰু এমবি লাইফ পৰ্টেল চেনেলকে ধৰি বিভিন্ন সংবাদ প্ৰতিষ্ঠানত সংবাদ পৰিৱেশন কৰি অহা জিলা খনৰ হাওৰাঘাটৰ সাংবাদিক জান বৰাক উষ্ম আদৰণি জনোৱাৰ লগতে এখনি সম্বৰ্ধনা পত্ৰও প্ৰদান কৰে জাতীয় সংগঠনটোৱে ।
সভাত সভাপতিত্ব কৰে জিলা সভাপতি অপূৰ্ব দাসে । আনহাতে অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দ্বীপমণি বৰুৱা, জিলা কাৰ্যনিবাহক জিটু ফুকন, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জিতুল ৰাজখোৱাকে ধৰি সংগঠনটোৰ বৃহৎ সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।
ইয়াৰোপৰি উক্ত সভাতেই অপূৰ্ব দাসক সভাপতি আৰু অমিত বসুমতাৰীক সম্পাদক হিচাপেলৈ এখনি নতুন জিলা সমিতি গঠন কৰা হয় ।