আজাদিকা অমৃত মহোৎসৱ উপলক্ষে বি এছ এফৰ দেশভক্তি মূলক সঙ্গীতানুষ্ঠান…

আজাদিকা অমৃত মহোৎসৱ উপলক্ষে বি এছ এফৰ দেশভক্তি মূলক সঙ্গীতানুষ্ঠান…

author-image
asomiyapratidin
New Update
আজাদিকা অমৃত মহোৎসৱ উপলক্ষে বি এছ এফৰ দেশভক্তি মূলক সঙ্গীতানুষ্ঠান…

ডিজিটেল সংবাদ, মানকাচৰ: দেশ স্বাধীনৰ ৭৫ বছৰ বৰ্ষপূতিত আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী উপলক্ষে বি এছ এফে কালি সন্ধিয়া হাটশিঙিমাৰীত এক দেশভক্ত মূলক সংগীতানুষ্ঠান আয়োজন কৰে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত বৃহস্পতিবাৰৰ সন্ধিয়া প্ৰায় ৭ বজাত দেশ স্বাধীনতা লাভ কৰা ৭৫ তম বৰ্ষপুতি উপলক্ষ্যে ৪৫ নং বি এন বি এছ এফৰ উদ্যোগত আৰু গুৱাহাটী ফ্ৰন্টিয়াৰ বি এছ এফৰ বেণ্ড পাৰ্টীৰ সৌজন্যত দেশভক্ত মূলক সঙ্গীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। দেশপ্ৰেমমূলক গীত আৰু সঙ্গীতেৰে সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল উপস্থিত থাকি বি এছ এফৰ এনে প্ৰচেষ্টাক ভুয়সী প্ৰশংসা কৰে।

আৰক্ষী অধীক্ষক গৰাকীয়ে অনুষ্ঠানটিৰ আৰম্ভণিতে ৪৫ নং বি এন বি এছ এফৰ কমাণ্ডেন্ট চন্দ্ৰ কান্ত উপাধ্যায়, টু ৱাই চি মনিস মেধী, আৰু সহকাৰী কমাণ্ডেন্ট কামেশ্বৰ নাৰায়ণক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ৰঙালী বিহুৰ শুভেচ্ছা জনায়। ভাৰতীয় প্ৰথম শাৰীৰ সুৰক্ষা বাহিনী বি এছ এফৰ উদ্যোগত অনুষ্ঠিত এই দেশভক্ত মূলক সঙ্গীতানুষ্ঠানটোত জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, বি এছ এফৰ উৰ্ধতম বিষয়া-জোৱানৰ লগতে প্ৰায় দূই শতাধিক লোকৰ সমাগম হয়। অনুষ্ঠানটিত গুৱাহাটী ফ্ৰন্টিয়াৰ বি এছ এফৰ বেণ্ড পাৰ্টীৰ দলে পৰিবেশন কৰা দেশপ্ৰেমমূলক গীত আৰু সঙ্গীতত উপস্থিত দৰ্শকসকলে আপ্লুত হৈ পৰে।

নিজৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ দেশমাতৃৰ সেৱাত দিনে নিশাই নিয়োজিত হৈ থাকি কৰ্ম ব্যস্ততাৰ মাজতে বি এছ এফৰ বেণ্ড পাৰ্টীৰ দলটোৱে দেশপ্ৰেমমূলক গীত মাতেৰে বি এছ এফৰ বিষয়া-জোৱান আৰু ৰাইজৰ মনত দেশপ্ৰেম জগাই তোলাৰ প্ৰয়াসক উপস্থিত সচেতন ৰাইজে ভুয়সী প্ৰশংসা কৰে। বি এছ এফৰ এই অনুষ্ঠান সন্ধোৰ্ভত ৪৫ নং বি এন বি এছ এফৰ কমাণ্ডেন্ট কে চি উপাধ্যায়ে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।

আৰু পঢ়ক: নগাঁও প্ৰিমিয়াৰ লীগ ক্ৰিকেট আৰম্ভ…

assam mankachar