হাটশিঙিমাৰীত এ আই কে কে এম এছৰ প্ৰতিবাদ…

হাটশিঙিমাৰীত এ আই কে কে এম এছৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰীত এ আই কে কে এম এছৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,মানকাচাৰ:দক্ষিণ শালমাৰা মানকাচাৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে এ আই কে কে এম এছে এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এটি স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

উল্লেখযোগ্য যে,দিনৰ প্ৰায় ১২ বজাত জিলাৰ সদৰ হাটশিঙিমাৰীত সৰ্ব ভাৰতীয় কৃষক মজদুৰ সংগ্ৰাম সমিতি চমুকৈ এ আই কে কে এম এছে এক প্ৰতিবাদী সমদল উলিয়ায়। পুৰাণ সুখচৰৰ চয়তান বজাৰৰ পৰা হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ হাতে হাতে বেনাৰ, পোষ্টাৰ আৰু প্লেকাৰ্ড লৈ এই প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়।

এটা সময়ত প্ৰতিবাদকাৰী দলটো জিলা উপায়ুক্তৰ সম্মুখত উপস্থিত হৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এটি স্মাৰক পত্ৰ প্ৰদান কৰে। মন কৰিবলগীয়া যে জিলাখনৰ দক্ষিণ শালমাৰাৰ সমষ্টিৰ পৰা মানকাচৰৰ শিশুমাৰা , কালাইৰ আলগালৈ ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া চলাই বহু লোকক গৃহহীন কৰিছে। আৰু যাতে গৰাখহনীয়া নহয় তাৰ বাবে এইদৰে কৃষক মজুৰ সংগঠনে আজি প্ৰতিবাদ কৰি খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়।

আৰু পঢ়ক:প্ৰথমটো বছৰতে গৰুখুটি প্ৰকল্পৰ আয় ১ কোটি ১১ লাখ ৫০ হাজাৰ ২৬৮ টকা

hatsingimari assam