/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/MANCACHAR-3.jpg)
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰায় ১৮০ গৰাকী প্ৰথামিক বিদ্যালয়ৰ শিক্ষকে প্ৰধান শিক্ষকৰ পদৰ পৰা পদত্যাগ কাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ আন জিলাৰ তুলনাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে।
বিদ্যালয় প্ৰধান অৰ্থাত প্ৰধান শিক্ষকে প্ৰতিদিনে দিনৰ ১০ ৰ পৰা ১১ বজাৰ ভিতৰত গুগল লিংক ফিল আপ কৰিব লাগে। ইয়াৰ দ্বাৰা জিলা প্ৰশাসন তথা শিক্ষা বিভাগে বিদ্যালয়ৰ প্ৰতিদিনৰ ৰিপোৰ্ট প্ৰস্তত কৰিব পাৰে। কিন্তু এই গুগল লিংক শিক্ষকসকলে কৰাত আপত্তি প্ৰদৰ্শন কৰিছে।
শিক্ষকসকলৰ দাবী এই গুগল লিংক ফিল আপ কৰিবলৈ প্ৰায় ১-২ ঘণ্টা সময় এনেই পাৰ হৈ যায়। এনে ক্ষেত্ৰত শিক্ষক এজনে পাঠদান নকৰি এই গুগল লিংক ফিল আপ কৰি থাকিলে সমস্যাৰ সম্মুখীন হ'ব। গতিকে তেওঁলোক এই গুগল লিংক নকৰে বুলি এক প্ৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াকে লৈ আজি দিনৰ ২ বজাত হাটশিঙিমাৰী মহাবিদ্যালয় সভাকক্ষত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰসমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীৰ এখন শৈক্ষিক আৰু সাংগঠনিক সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত সৰ্ব ভাৰতীয় প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্য আলহাজ শ্বৰীফ হাসান উপস্থিত থাকে।
এই সজাগতা সভাত শিক্ষকসকলে নিজৰ নিজৰ সমস্যা দাঙি ধৰে। জিলা প্ৰশাসনে বিভিন্ন প্ৰকাৰে জিলাখনৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ শিক্ষা বিভাগৰ দায়িত্বত থকা ডি এম অতিৰিক্ত উপায়ুক্ত হিতেশ মজুমদাৰে শিক্ষকসকলক বিভিন্ন প্ৰকাৰে হুমকি ধূমকি দি শিক্ষক সমাজক অপমান কৰাৰ অভিযোগ তুলিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।
ফলত আজি এই সজাগতা সভাৰ জৰিয়তে সন্মিনলীয়ে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। সন্মিলনীয়ে কয় যে, দেশ বা ৰাজ্যৰ আন কোনো স্থানত এনে গুগল লিংক ফিল আপ কৰিব নালাগে। তেনে ক্ষেত্ৰত জিলা প্ৰশাসনে গুগল লিংক কৰিবলৈ দিয়া এই কাম শিক্ষক সমাজে কোনো কাৰণতে নকৰে।
আনহাতে জিলাখনৰ প্ৰায় ১৮০ খন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে আজিৰে পৰা প্ৰধান শিক্ষকৰ পদৰ পৰা পদত্যাগ কৰি কেবল শিক্ষকতা কৰি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।