হাটশিঙিমাৰীত শিশুৰ পুষ্টিকৰ খাদ্যৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ…

হাটশিঙিমাৰীত শিশুৰ পুষ্টিকৰ খাদ্যৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰীত শিশুৰ পুষ্টিকৰ খাদ্যৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ…

ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সমাজ কল্যাণ বিভাগৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে শিশুৰ পৰিপূৰক পুষ্টিকৰ খাদ্যৰ ওপৰত এখন এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে জিলাখনৰ মানকাচৰ, ফেকামাৰী আৰু দক্ষিণ শালমাৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী সকলক লৈ হাটশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ পৰিপূৰক পুষ্টিকৰ খাদ্যৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

এই প্ৰশিক্ষণ শিবিৰত জিলাৰ অতিৰিক্ত উপায়ুক্ত বন্নি ইনাম শাদদাব, সহকাৰী আয়ুক্তা হিয়া মেধী, সমাজ কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক আৰু ফেকামাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতা অতিথি হিচাপে উপস্থিত থাকে । শিশুৱে কোনটো আঙুলিৰে কেনেকৈ কি কি খাদ্য কিমান পৰিমানে গ্ৰহণ কৰিব আৰু জিলাখনৰ শিশু সকলক কেনেকৈ বিকাশৰ ক্ষেত্ৰত পুষ্টিহীনতা দূৰ কৰিব পাৰি তাৰ ওপৰত বিশেষ ভাবে প্ৰশিক্ষক সকলে প্ৰশিক্ষণ প্ৰদান কৰে।

assam himanta biswa sarma hathingimari