হাতিচোঙত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশেষ অভিনন্দন অনুষ্ঠান…

হাতিচোঙত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশেষ অভিনন্দন অনুষ্ঠান…

author-image
asomiyapratidin
New Update
হাতিচোঙত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশেষ অভিনন্দন অনুষ্ঠান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাতিচোং শাখাৰ উদ্যোগত সোমবাৰে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হাতীচোং মহাবিদ্যালয় সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই "দেশসেৱাৰ লক্ষ্য আগত ৰাখি অধ্যয়নত ব্ৰতী হৈ, ছাত্ৰ-ছাত্ৰী সকল নিজৰ জাতীয় সংস্কৃতিৰ পৰিচয়েৰে আগুৱাই গ'লে" আমাৰ ৰাজ্য তথা দেশ সুন্দৰ হৈ পৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

Advertisment

বিদ্যাৰ্থী পৰিষদৰ হাতীচোং শাখাৰ যুটীয়া সম্পাদক পল কলিতাই আঁত ধৰা অনুষ্ঠানটিত হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই ছাত্ৰ-ছাত্ৰীক একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হ'বলৈ আহ্বান জনায়। শংকৰদেৱ বিদ্যা নিকেতন, হাতিচোঙৰ প্ৰধান আচাৰ্য্যা তৰুলতা বৰা হাজৰিকা, পৰিষদৰ নগাঁও বিভাগৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক, ৰাজ্যিক ছাত্ৰী প্ৰমুখ ৰূপশ্ৰী গগৈ, নগাঁও জিলাৰ সংযোজক মাধুৰ্য প্ৰতীম শইকীয়া, হাতীচোং শাখাৰ সম্পাদক সংকল্প বৰাকে প্ৰমুখ্য কৰি বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকাসহ পাঁচ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত বটদ্ৰৱা, হাতীচোং, ৰাইডঙীয়া, জাজৰি আৰু কাছমাৰীৰ অঞ্চলৰ পৰা ২০২২ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আৰু পঢ়ক : জোনাইৰ গান্ধী ময়দানত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

assam himanta biswa sarma nagaon bjp