/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5e863cc-7f06-4e04-b3ed-4c0504867721/mkkn.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হাতিচোং মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শনিবাৰে অনুষ্ঠিত হয়। নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ কেইবাগৰাকী পাৰ্থী জয়ী হয়।
কালি অনুষ্ঠিত হৈ যোৱা হাতিচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি পদত অংকুৰ দাস, সাধাৰণ সম্পাদক পদত জাহ্নু ৰাজকুমাৰ, তৰ্ক সম্পাদিকা পদত প্ৰনামিকা বৰদলৈ, সমাজ সেৱা পদত দিব্যজোতি বৰা, ছাত্ৰ জিৰনি কোঠা পদত জয়ন্ত হাজৰিকা আৰু ছাত্ৰী জিৰনি কোঠা পদত পূৰ্বা বৰদলৈ, এই কেইগৰাকী আছু সমৰ্থিত পাৰ্থী নিৰ্বাচিত হয়।
সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নিপন শৰ্মাৰ লগতে হাতীচোং আঞ্চলি ছাত্ৰ সন্থাৰ উপদেষ্টা কৃতাঞ্জল বৰা আৰু সভাপতি সম্পাদকে জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে সহকাৰী সাধাৰণ সম্পাদক পদত গুণমনি নাথ, সাংস্কৃতিক সম্পাদক পদত কপিল কলিতা, আলোচনী সম্পাদিকা পদত শতাব্দী কাশ্যপ, লঘু ক্ৰীড়া সম্পাদক পদত পৰাণ জ্যোতি নাথ, গুৰু ক্ৰীড়া সম্পাদক পদত মেৰাজুল হক, দুখীয়া পুঁজি সম্পাদিকা পদত তৃষ্ণা মণি দাসে জয় লাভ কৰে।
এই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত জয়ী প্ৰাৰ্থী সকলক নগাঁও জিলা সংযোজক মাধূৰ্য্য প্ৰতিম শইকীয়া , হাতীচোং শাখাৰ সম্পাদক সংকল্প বৰা, সহ সম্পাদক দেবজিৎ দাসে শুভেচ্ছা জ্ঞাপন কৰে।