হাত, মূৰ, ককাল ছিন্ন অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ...

হাটশিঙিমাৰীৰ সোণাপুৰৰ বেকাৰ ডোবাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
হাত, মূৰ, ককাল ছিন্ন অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ...

ডিজিটেল ডেস্ক: হাটশিঙিমাৰীৰ সোণাপুৰৰ বেকাৰ ডোবাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

উদ্ধাৰ হোৱা মৃতদেহটো নিৰুদ্দিষ্ট হৈ থকা ছাত্র আনাৰুল ইছলাম বুলি জানিব পৰা গৈছে। ধাননি পথাৰৰ মাজত হাত,মূৰ, কঁকাল ছিন্ন অৱস্থাত উদ্ধাৰ মৃতদেহটো।

২ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্রজন। ছাইফুল ইছলাম ওৰফে চিকাই ২ ছেপ্টেম্বৰত বাইকেৰে লৈ গৈছিল ছাত্রজনক।

পুনৰ ছাত্রজনক ঘৰৰ কাষত নমাই থৈ যোৱাৰ কথা স্বীকাৰ ছাইফুলৰ। ছাত্রজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ছাইফুল ইছলামসহ আন ৪ যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ইতিমধ্য়ে আৰম্ভ কৰিছে তদন্তৰ।

assam murder crime Assam police