হাটশিঙিমাৰী জিলা কৃষি বিভাগে ৭০০ শতাধিক কৃষকক বিতৰণ কৰিলে আলুৰ বীজ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা কৃষি বিভাগে জিলা খনৰ বিভিন্ন এলেকাৰ ৭ শতাধিক কৃষকক ৮৫০ কুইণ্টল আলুৰ বীজ বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰী জিলা কৃষি বিভাগে ৭০০ শতাধিক কৃষকক বিতৰণ কৰিলে আলুৰ বীজ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা কৃষি বিভাগে জিলা খনৰ বিভিন্ন এলেকাৰ ৭ শতাধিক কৃষকক ৮৫০ কুইণ্টল আলুৰ বীজ বিতৰণ কৰে।

Advertisment

উল্লেখযোগ্য যে ৰাষ্ট্রীয় কৃষি বিকাশ যোজনাৰ অধীনত জিলা খনৰ বাবে মুঠ ১২০০ কুইণ্টল আলুৰ বীজ আবন্টন হৈছে। ইয়াৰে ইতিমধ্যে চৰকাৰে ৮৫০ কুইণ্টল আলুৰ বীজ মোকোলাই দিয়াৰ পাচত ইতিমধ্যে ৭ শতাধিক কৃষকৰ মাজত আলুৰ বীজ খিনি বিতৰণ কৰা হয়। কৃষক সকলে সঠিক পদ্ধতি আৰু বিজ্ঞান সন্মত ভাবে আলু ক্ষতি কৰিবলৈ জিলা কৃষি বিভাগে কৃষক সকলক আহ্বান জনাইছে।

মন কৰিবলগীয়া যে জিলা খনত বিগত প্ৰায় ৭/৮ মাহ ধৰি জিলা খনৰ কৃষক ইউৰীয়া সাৰৰ যোগান নোপোৱাত কৃষক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। পূৰ্বে অসম চৰকাৰৰ কৃষি বিভাগে অভিভক্ত ধুবুৰী জিলা কৃষি কাৰ্যালয়ৰ জৰিয়তে জিলা খনৰ সাৰৰ এজেন্ট সকলক ইউৰীয়া সাৰৰ যোগান ধৰা হৈছিল যদিও নতুনকৈ জিলা হোৱাৰ পাচৰে পৰা জিলা খনৰ এজেন্ট সকলে ইউৰীয়া সাৰ ধুবুৰীৰ পৰা অধিক দাম ক্ৰয় কৰি মূল্যতকৈ দুই/তিনি গুণ বেছি দাম বিক্ৰী কৰিবলগীয়া হৈছিল।

কৃষক সকলে অধিক দামত সাৰ কিনিবলগীয়া বিষয়টো অভিযোগ দিয়াৰ পাছত জিলা প্ৰশাসনে এজেন্ট সকলক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত সাৰ বিক্ৰীৰ বাবে নিৰ্দেশনা দিয়ে। ইয়াৰ পাছতেই এজেন্ট সকলে অন্য জিলাৰ পৰা অধিক দামত সাৰ ক্ৰয় কৰা বন্ধ কৰি দিয়াৰ পাছতেই জিলা খনত ইউৰীয়া সাৰৰ নাটনি হয়।

চৰকাৰে নতুনকৈ গঠন হোৱা জিলা তথা জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ নামত নতুন আই ডি প্ৰস্তুত কৰি অতি সোনকালে জিলা খনত সাৰৰ যোগান ধৰিব বুলি জিলা কৃষি বিষয়া জনে জানিবলৈ দি কয় যে কৃষক সকলৰ ইউৰীয়া সাৰৰ নাটনি শীঘ্ৰে সমাধান হব। অৱশ্যে ইউৰীয়া সাৰৰ বিকল্প হিচাপে কৃষি বিভাগে অন্য সাৰৰ ব্যৱহাৰ কৰাৰ বাবে কৃষক সকলক পৰামৰ্শ প্ৰদান কৰিছে যদিও একাংশ কৃষকে অন্য সাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে অন্য একাংশ কৃষকে ২৭০ টকীয়া সাৰ কলা বজাৰত চোৰাংকৈ ১২০০-১৫০০ টকাত ক্ৰয় কৰি কৃষি কাৰ্য্য কৰিবলগীয়া হৈছে।

assam hathsingimari