হাটশিঙিমাৰী মহাবিদ্যালয়ত নতুন পেঞ্চন নীতি বাতিলৰ দাবীত কৰ্ম বিৰতি…

হাটশিঙিমাৰী মহাবিদ্যালয়ত নতুন পেঞ্চন নীতি বাতিলৰ দাবীত কৰ্ম বিৰতি…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰী মহাবিদ্যালয়ত নতুন পেঞ্চন নীতি বাতিলৰ দাবীত কৰ্ম বিৰতি…

ডিজিটেল সংবাদ, মানকাচৰ : সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত সোমবাৰে ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰিছে। ৰাজ্যৰ আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাবস্থ্য কৰে।

হাটশিঙিমাৰী মহাবিদ্যালয়তো সোমবাৰে শিক্ষক-কৰ্মচাৰী সকলে ক'লা বেজ পৰিধান কৰি কৰ্মবিৰতি পালন কৰে। এন পি এছ কৰ্মচাৰীৰ দাবী চৰকাৰী কৰ্মচাৰী সকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে।

assam himanta biswa sarma bjp Assam police