/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6ea14f66-acfd-4d10-90d8-fdfa7f4a7589/edddd.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী ৰিমলি শৰ্মা বৰাৰ নৱতম বিহু সুৰিয়া ভিডিঅ গীত “হাঁচটি” ৰ শুভ উন্মোচন কৰা হয় ৷ শুভ উন্মোচনি অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিশিষ্ট তথা জনপ্ৰিয় সংগীত শিল্পী বিমান বৰুৱা,নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,এন কে টিভিৰ পৰিচালন সঞ্চালক পৰাগমনি আদিত্য ৷
শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত সকলোৱে ৰিমলি শৰ্মা বৰাৰ নৱতম ভিডিঅ' গীতটি অসমৰ ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰি ৰাইজলৈ আগবঢ়াই দিয়ে ৷ হাঁচটি ভিডিঅ'টিত অভিনয় কৰিছে গুঞ্জান ভৰদ্বাজ আৰু গীতাঞ্জলিয়ে ৷ সংগীতত কণ্ঠদান কৰিছে জুৱিন গাৰ্গ আৰু ৰিমলি শৰ্মা বৰা, সংগীত-সুৰ বিমান বৰুৱাৰ ৷
আৰু পঢ়ক: বিক্ৰী কৰা অসমৰ ৬ কিশোৰী উদ্ধাৰ...