/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/ac01d465-87b3-4032-9690-5b22c4f3c518.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা বৃহস্পতিবাৰে সহস্ৰাধিক লোকে শিৱসাগৰ চহৰলৈ আদৰি নিলে যাদুকৰী কন্ঠৰ গৰাকী শিশু শিল্পী ছনিটিভিৰ হষিৰ্ত নাথক৷ ছনী টিভিৰ ৰিয়েলিটি শ্ব' চুপাৰ ষ্টাৰ চিংগাৰত স্ব প্ৰতিভাৰে উজলিছে অসম সন্তান হৰ্ষিত নাথ। দশম স্থানৰ পৰা উন্নীত হৈ এতিয়া হৰ্ষিতে প্ৰৱেশ কৰিলে অষ্টম স্থানত। নিজৰ যাদুৰকী কণ্ঠৰ লগতে অসম তথা সমগ্ৰ ভাৰতবাসীয়ে ভোটিং প্ৰক্ৰিয়াৰ জড়িয়তে অষ্টম স্থানলৈ উন্নীত কৰিলে হৰ্ষিতক।
হৰ্ষিত বৃহস্পতিবাৰে উপস্থিত হয় বৰ্তমানৰ গৃহ জিলা শিৱসাগৰত। মুম্বাইৰ পৰা ১২. ৩০ বজাত বিমানেৰে আহি উপস্থিত হয় যোৰহাটত। যোৰহাটৰ পৰা আমগুৰি হৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হয়হি। ৰংঘৰৰ সন্মুখত বিভিন্ন দল সংগঠন তথা অনুৰাগীয়ে সম্বৰ্দ্ধনা জনায় হৰ্ষিতক। ৰংঘৰৰ বাকৰিৰ পৰা ঐক্য সেনা অসমৰ সদস্য সকলে শিশু শিল্পী গৰাকীকলৈ সমদল কৰি উপস্থিত হয়হি দ'লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত।
শিশু শিল্পী গৰাকীয়ে এগচি বন্তি জ্বলাই ভূপেনদাৰ আৰ্শীবাদ লয় আৰু সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ পৰা মৰম আৰু আৰ্শীবাদ বিচাৰে যাতে তেওঁ শীৰ্ষ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। উল্লেখ্য যে, এই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখতেই ৪ বছৰৰ আগত হৰ্ষিতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/4f6c0c1e-896b-440a-ad46-f3541d67c33f-1024x768.jpg)
দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আয়োজন কৰা ভূপেনদাৰ মৃত্যু দিৱসত অনুষ্ঠিত গীতৰ অনুষ্ঠানত উদ্যোক্তা সকলক হৰ্ষিতে ভূপেন্দ্ৰ সংগীত এটা গাব দিবলৈ অনুৰোধ জনায় আৰু হৰ্ষিতৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰিছিল। সেই সময়ত হৰ্ষিতৰ বয়স মাত্ৰ ৪ বছৰ আছিল। প্ৰতিযোগিতালৈ যোৱাৰ পূৰ্বে শিশু শিল্পী হৰ্ষিতে অতনু বৰাব অডিঅ' চিটিত গীত শিকিছিল ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us