হৰিনামৰ ধ্বনিৰে মুখৰিত মথুৰাপুৰৰ আকাশ- বতাহ

হৰিনামৰ ধ্বনিৰে মুখৰিত মথুৰাপুৰৰ আকাশ- বতাহ

ডিজিটেল সংবাদ,মথুৰাপুৰ : পহিলা ভাদৰ দিনা ৰাজ্যৰ নামঘৰে নামঘৰে হৰিনামৰ অমিয়া সুৰত চৌপাশ মুখৰিত হৈ উঠে। এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল মথুৰাপুৰৰ আকাশ- বতাহ ৷

পহিলা ভাদৰ এই শুভক্ষণত চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ নৱ নিৰ্মিত নামঘৰটি উদ্বোধন কৰা হয়। গাঁৱখনৰ ভকত-বৈষ্ণৱৰ দীৰ্ঘদিনীয়া শ্ৰম আৰু চৰকাৰী অৰ্থানুদানেৰে নৱ নিৰ্মিত নামঘৰ গৃহ উদ্বোধন কৰাৰ লগতে মণিকূটৰ গুৰু আসন প্ৰতিষ্ঠা কৰে দেউতী মহন্তই ৷

দীৰ্ঘদিনৰ পিচত মথুৰাপুৰ ভকত গাঁৱখনৰ নামঘৰটো পকীকৈ আকর্ষণীয় ৰূপত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্রকাশ কৰিছে ৷ শনিবাৰে এই উপলক্ষে পুৱা নামঘৰ চৌহদৰ পৰা উলিওৱা এক বৰ্ণিল ভাগৱত যাত্ৰাত অঞ্চলটোৰ শিশুৰ পৰা আবাল, বৃদ্ধ, বণিতালৈ সকলোৱে ভাগ লৈ হৰি নাম কীৰ্তনেৰে বিভোৰ হৈ পৰে।

ইফালে পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোত মথুৰাপুৰ,মাইবেলা, শ্ৰীপুৰ ,টেঙাপুখুৰী,দুৱৰা গাঁও,কলিয়ামাটি এঙেৰা আদি অঞ্চলৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে।

হৰিনামৰ ধ্বনিৰে মুখৰিত মথুৰাপুৰৰ আকাশ- বতাহ
উৰণপখী ভৱন আঠখেলীয়াত প্ৰাক্‌-বিদ্যালয় শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in