/asomiyapratidin/media/media_files/2025/05/28/VpSnITWFMabJ4LxkrbaR.jpg)
ডিজিটেল সংবাদ গহপুৰঃ গহপুৰ সমজিলাৰ গমিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলী পথাৰ নিৱাসী, সমাজকৰ্মী হৰি শৰ্মা(৫৬)ৰ অকাল বিয়োগ ঘটিছে। জানিব পৰা মতে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল।
চিকিৎসাধীন অৱস্থাতে আজি পুৱা প্ৰায় ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে হৰি শৰ্মাই। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী ৰূপে পৰিচিত হৰি শৰ্মাৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে বৃহত্তৰ গমিৰি অঞ্চলত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us