ইউটিউবত মুক্তি পাৰ্থসাৰথি মহন্তৰ “হাৰগিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক"

পক্ষী সংৰক্ষণৰ এক মনোৰম পৰিক্ৰমাক বিষয়বস্তু হিচাপে লৈ ড° পাৰ্থসাৰথি মহন্তৰ দ্বাৰা পৰিচালিত এখন চুটি তথ্যচিত্ৰ হৈছে “হাৰগিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক "৷

author-image
Asomiya Pratidin
New Update
ইউটিভত মুক্তি পাৰ্থসাৰথি মহন্তৰ হাৰগিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক

ডিজিটেল ডেস্কঃ পক্ষী সংৰক্ষণৰ এক মনোৰম পৰিক্ৰমাক বিষয়বস্তু হিচাপে লৈ জ্যেষ্ঠ আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তৰ দ্বাৰা পৰিচালিত তথা অনন্য শৈলীৰে চিত্ৰায়িত এখন চুটি তথ্যচিত্ৰ হৈছে “হাৰগিলা-দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক "৷ অসমৰ দদৰা-পছৰীয়া গাঁৱৰ মহিলাসকলে হাড়গিলাৰ সংৰক্ষণৰ হকে সুদীৰ্ঘকাল ধৰি অব্যাহত ৰখা নিৰলস অভিযানক তথ্যচিত্ৰখনৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে৷

Advertisment

অনুকৰণীয় কৰ্মযজ্ঞৰ স্বীকৃতিৰূপে সন্মানীয় হুইট্‌লী এৱাৰ্ড লাভ কৰা ড° পূৰ্ণিমা দেৱী বৰ্মন নামৰ নাৰীগৰাকীয়ে অঞ্চলটোৰ মহিলাসকলক একত্ৰিত কৰি  নেতৃত্ব প্ৰদানেৰে পক্ষীবিধক সংৰক্ষণৰ বাবে চলাই অহা নিৰৱচ্ছিন্ন ঐকান্তিক প্ৰচেষ্টাক তথ্যচিত্ৰখনত অতি সাৱলীলভাৱে উপস্থাপন কৰা হৈছে। পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ উৎসৰ্গিত মনোভাৱে চৌদিশৰ সমাজখনক উদ্বুদ্ধ কৰি আহিছে আৰু তাৰে আঁত ধৰি ক্ৰমে বিলুপ্তিৰ দিশে আগবঢ়া হাড়গিলাৰ সংৰক্ষণ সম্পৰ্কত সৃষ্টি হৈছে ব্যাপক জন সচেতনতা৷

মন কৰিবলগীয়া যে এসময়ত আই ইউ চি এনৰ দ্বাৰা চিহ্নিত হোৱা বিশ্বৰ কুৰিটা বিলুপ্তপ্ৰায় প্ৰজাতিৰ বন্যপ্ৰাণীৰ মাজত হাড়গিলায়ো স্থান লাভ কৰিছিল৷ স্বৰূপাৰ্থত পক্ষীবিধৰ বিচৰণস্থলীত মানুহৰ আগ্ৰাসন তথা সেই দিশটোৰ প্ৰতি সমাজৰ উদাসীনতাৰ বাবেই বিলুপ্তিৰ দিশে অগ্ৰসৰ হৈছিল হাড়গিলা৷

তেনে এক পটভূমিতে ড° পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত তৃণমূল পৰ্যায়ৰপৰা আৰু বিশেষকৈ মহিলাসকলক অংশীদাৰ হিচাপে লৈ গঢ় লৈ উঠা এক সামাজিক আন্দোলনে বিপন্ন পক্ষীবিধক বিলুপ্তিৰ গৰাহৰপৰা মুক্ত কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা সফলতা এতিয়া পৰিৱেশতন্ত্ৰৰ লগতে সাংস্কৃতিক ৰূপান্তৰৰো প্ৰতীকত পৰিণত হৈছে৷

মীনা মহন্ত আৰু ইন্দ্ৰানী বৰুৱাই প্ৰযোজনা কৰা তথ্যচিত্ৰখনে ইতিমধ্যে দৰ্শকৰ মাজত বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে উচ্চ প্ৰশংসাৰে সমৃদ্ধ হৈছে৷ তদুপৰি ড° মহন্ত পৰিচালিত তথ্যচিত্ৰখন একাধিক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে৷ সেইসমূহ হৈছে---

  • মুম্বাই শ্বৰ্ট ফিল্ম ফেষ্টিভেল ইণ্ডিয়া (২০২২)
  • এছ অ’ এফ এ চলচ্চিত্ৰ মহোৎসৱ (জীৱ-জন্তু, বন্যজীৱন, পৰিৱেশ, সংৰক্ষণ(২০২২)
  • একাদশ দিল্লী শ্বৰ্টছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(২০২২)
  • টেগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০২২)
  • গোৱা চুটি ছবি মহোৎসৱ (২০২২)
  • পুনে চুটি ছবি মহোৎসৱ(২০২২)
  • বন্যপ্ৰাণী সংৰক্ষণ ছবি মহোৎসৱ (২০২২)
  • পঞ্চদশ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ (২০২৩)
  • ত্ৰয়োদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ (২০২৩)

তথ্যচিত্ৰখনৰ  প্ৰত্যয়পূৰ্ণ উপস্থাপন, চিনেমেটিক শৈলী তথা পৰিৱেশ সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ প্ৰতি স্বীকৃতিৰে ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত “হাড়গিলা”ৰ বিষয়ে বিশেষ উল্লেখ কৰা হৈছিল৷

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তথ্যচিত্ৰখন দৰ্শকৰ বাবে ইউটিউবত মুকলি কৰা হৈছে৷ সেই সূত্ৰে সমগ্ৰ বিশ্বৰ দৰ্শকে পক্ষী সংৰক্ষণৰ এক অনুপ্ৰেৰণামূলক অভিযানৰ ৰসাস্বাদন কৰিব পাৰিব বুলি আশা কৰা গৈছে৷ তথ্য চিত্ৰখন চাবলৈ YouTube লিংকটো - https://www.youtube.com/watch?v=EMpJrkc7mK4

তথ্যচিত্ৰখনে কেৱল এবিধ  বিপন্ন প্ৰজাতিৰ পক্ষীক বিলুপ্তিৰ মুখৰপৰা উদ্ধাৰ কৰাৰ যাত্ৰাক মহিমামণ্ডিত কৰাই নহয়, বন্যজীৱনৰ সংৰক্ষণৰ ক্ষেত্ৰত সামূহিক প্ৰয়াসৰ শক্তিৰ ওপৰতো আলোকপাত কৰিছে। তদুপৰি সমূহীয়া প্ৰচেষ্টা, স্থানীয় প্ৰজ্ঞা আৰু পৰিৱেশ সংৰক্ষণত নাৰীৰ ভূমিকাৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনেৰে তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে৷

তথ্যচিত্ৰখনৰ প্ৰদৰ্শন, এই ক্ষেত্ৰত সহযোগিতা আৰু যিকোনো তথ্যৰ বাবে আগ্ৰহীসকলে এই নম্বৰত যোগাযোগ কৰিব পাৰে--- ৮৮১১৯-৬১৮৬৫

 

 

পাৰ্থ সাৰথি মহন্ত হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্ক